বাক্সা,18 নৱেম্বৰ: ব্ৰহ্মপুত্ৰ নৈত পানী থকা পৰ্যন্ত এতিয়াৰে পৰা বিটিচিত পদুম ফুল ফুলি থাকিব ৷ ১৭ বছৰে বিপিএফ দলে বিটিচিত শাসনভাৰ চলালে ৷ কিন্ত এতিয়া বিজেপিয়ে বিটিচি দখল কৰি বিটিআৰ শাসন কৰিব ৷ এইবাৰৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অধিক সংখ্যক আসন লাভ কৰি বিটিচিত চৰকাৰ গঠন কৰাটো নিশ্চিত ৷ এই ভাষ্য তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মোছাহাৰীৰ ৷ বুধবাৰে ২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাউলীত বিজেপিৰ নাগ্ৰীজুলি মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন যোগদান সমাৰোহত অংশ গ্ৰহণ কৰি এইদৰে কয় ৷
![as_bak_01_bjp_joning_program_img_AS10037](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9585757_fchnrgf.jpg)
ভাষণ প্ৰসংগত তেওঁ পুনৰ কয় যে, বিটিচিত বিপিএফৰ তীব্ৰ গৰাখহনীয়া আৰম্ভ হৈছে ৷ ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে ৷ বিজেপি দলক আস্থা আৰু বিশ্বাসত লৈ বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰিছে ৷ নৰেন্দ্ৰ মোদীৰ আঁচনিৰ উন্নয়নৰ যি ধাৰা, সেইয়া ৰাইজৰ সহায়-সহযোগে আৰু অধিক ত্বৰন্বিত কৰিব ৷ বিজেপি দলৰ নীতি আদর্শৰ প্ৰতি আকৃষ্ট হৈ কেৱল কাউলীতেই নহয়,সমগ্ৰ দেশ,ৰাজ্য তথা বিটিচিজুৰি যোগদান প্ৰক্ৰিয়া অব্যাহত আছে আৰু থাকিব ৷
![as_bak_01_bjp_joning_program_img_AS10037](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bak-01-bjp-joning-program-vis9-as10037_18112020180312_1811f_1605702792_604.jpg)
নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সভাপতি ৰাম বাস্তলাই সভাপতিত্ব কৰা যোগদান সভাত ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মনাৰায়ণ দাসে কয় যে, কেন্দ্ৰত বিজেপি চৰকাৰ,দিছপুৰতো বিজেপি চৰকাৰে শাসন চলাই আছে,এইবাৰ বিটিচিতো বিজেপিৰেই শাসন চলিব ৷ ২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিও বিজেপিৰ হাতলৈ যে যাব ৰাইজৰ উপস্থিতিয়ে তাকেই প্ৰমাণ কৰিছে ৷ বিগত ১৭ বছৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অপশাসনৰ যোগেদি এক লুণ্ঠনৰাজ চলাই গৈছিল,দেৰিকৈ হ'লেও এতিয়া সৰ্বস্তৰৰ ৰাইজে এই কথা উমান পাই বিজেপি দলত যোগদান কৰিব ধৰিছে ৷ এই সভাত নাগ্ৰীজুলি ব্লক বিপিএফৰ উপ সভাপতি টোক বাহাসুৰ ছেত্ৰীৰ নেতৃত্বত বিপিএফ দলৰ তিনি শতাধিক নেতা কৰ্মীৰ লগতে অন্যান্য দলৰ মুঠ ৩৪৪ জন লোকে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে ৷
লগতে পঢ়ক: মৰিগাঁৱত CPI ৰ প্ৰতিবাদী কাৰ্যসূচী