ETV Bharat / state

লক্ষ্য উপ-নিৰ্বাচন; ভবানীপুৰ দখলৰ যৎপৰোনাস্তি চেষ্টা অব্যাহত বিজেপিৰ

বাক্সা জিলাৰ শালবাৰীৰ ৰূপহী, গাতিত বিজেপি দলৰ বিশাল নিৰ্বাচনী সভা ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে এই নিৰ্বাচনী সভাত ৷ কংগ্ৰেছ-এ আই ইউ ডি এফেও ফণী তালুকদাৰ জিকাটো বিচাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

bjp election campaign
bjp election campaign
author img

By

Published : Oct 20, 2021, 8:24 PM IST

বাক্সা, ২০ অক্টোবৰ : ৰাজ্যৰ পাঁচটা সমষ্টিত অহা 30 অক্টোবৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ ইতিমধ্যে প্ৰতিটো সমষ্টিতে নিৰ্বাচনী যুঁজৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ ৷ এই পাঁচটা সমষ্টিৰ মাজত অন্যতম চৰ্চিত এটা সমষ্টি হৈছে ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টি ৷ কিয়নো এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব যোৱা মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ পৰা টিকট লৈ সমষ্টিটোত জয় লাভ কৰা ফণী তালুকদাৰে ৷

এ আই ইউ ডি এফ ত্যাগ কৰি বৰ্তমান গেৰুৱা শিৱিৰত নিজকে চামিল কৰিলে ফণী তালুকদাৰে ৷ এইবাৰ পুনৰ বিজেপিৰ হৈ সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰিছে তালুকদাৰে ৷ সেইবাবে বুধবাৰে ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ শালবাৰীৰ ৰূপহী আৰু আনন্দবজাৰৰ গাতিত বিজেপি দলৰ দুখনকৈ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় ।

ভবানীপুৰ দখলৰ যৎপৰোনাস্তি চেষ্টা অব্যাহত বিজেপিৰ

৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ এই নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশ গ্রহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় । তেওঁ ভবানীপুৰ সমষ্টিৰ উন্নয়নৰ লগতে ফণীধৰ তালুকদাৰে সকলো সমস্যা সমাধান কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ৷ তাৰোপৰি নেমু টেঙাৰ কৃষক সকলে উচিত মূল্য পাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ভৱানীপুৰত সকলোৱে ফণীধৰ তালুকদাৰ জিকাটো বিচাৰিছে ৷ আনকি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলেও ফণীধৰ তালুকদাৰৰ বিজয় আকাংক্ষা কৰি দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ বিজেপি দলৰ ৰূপহীৰ নিৰ্বাচনী সভাত বিপিএফ দলৰ প্ৰাক্তন এম.চি.এল.এ. ৰঞ্জিত খেৰকেটাৰীয়ে বিজেপিত যোগদান কৰাৰ বিপৰীতে গাতিত অবড়ো সুৰক্ষা সমিতি অসমৰ উপদেষ্টা ব্ৰজেন মহন্ত আৰু সদস্য মৃদুল দাসে বিজেপিত যোগদান কৰে ৷

এই নিৰ্বাচনী সভাত BTR ৰ প্ৰধান প্ৰমোদ বড়ো, অগপ আৰু ইউপিপিএলৰ বিষয়-ববীয়া, নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাকে ধৰি কেইবাগৰাকীও দলীয় নেতা উপস্থিত থাকে ৷ এই অনুষ্ঠানতে কণ্ঠশিল্পী সীমান্ত শেখৰ আৰু বিদ্যা সাগৰে উপস্থিত ৰাইজক আকৰ্ষণৰ উদ্দেশ্য সংগীত পৰিবেশন কৰে ৷

লগতে পঢ়ক : ৰূপজ্যোতি কুৰ্মী শিয়াল, প্ৰতাৰক, বিশ্বাসঘাতক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.