ETV Bharat / state

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনৰ পৰাই পৰৱৰ্তী নিৰ্বাচনৰ প্ৰস্তুতি চলায় বিজেপিয়ে: সাংসদ দিলীপ শইকীয়া

author img

By

Published : Sep 24, 2022, 10:48 PM IST

শনিবাৰে ৰঙিয়াত উত্তৰ কামৰূপ জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়(BJP District Committee Executive meeting in Rangia) । সুবল পালে সভাপতিত্ব কৰা সভাখনত বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা, মঙলদৈ সমষ্টিৰ সাংসদ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিটিআৰৰ ই এম ৰনেন্দ্ৰ নাৰ্জাৰীকে ধৰি শাসকীয় দলটোৰ জিলা কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে ।

BJP District Committee Executive meeting in Rangia
নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনৰ পৰাই পৰৱৰ্তী নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলায় বিজেপি দলে -সাংসদ দিলীপ শইকীয়া

ৰঙিয়া,24 ছেপ্টেম্বৰ: ৰঙিয়াত শনিবাৰে উত্তৰ কামৰূপ জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় (BJP District Committee Executive meeting in Rangia) । জিলা সভাপতি সুবল পালে সভাপতিত্ব কৰা সভাখনত বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা, মঙলদৈ সমষ্টিৰ সাংসদ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিটিআৰৰ ই এম ৰনেন্দ্ৰ নাৰ্জাৰীকে ধৰি শাসকীয় দলটোৰ জিলা কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে । উক্ত সভাত সভাপতি কলিতাই ৰঙিয়া সমষ্টিত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তুলিবলৈ দলীয় কাৰ্যকর্তাসকলক 'সেৱাই সংগঠন' মূলমন্ত্ৰ আগত ৰাখি দল তথা ৰাইজৰ হৈ সেৱা আৰু সমৰ্পিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায় ।

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনৰ পৰাই পৰৱৰ্তী নিৰ্বাচনৰ প্ৰস্তুতি চলায় বিজেপিয়ে: সাংসদ দিলীপ শইকীয়া

লগতে বিজেপি চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ আৰু জনহিতকৰ পদক্ষেপসমূহ দলীয় কাৰ্যকর্তাসকলক ৰাইজৰ মাজলৈ লৈ যাবলৈও আহ্বান জনায় কলিতাই । আগন্তুক ৮ অক্টোবৰত বেলতলাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ উদ্ধোধন কৰাৰ লগতে খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত এখন প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে (Inagruation of BJP state office)। কাৰ্যালয়টোৰ উদ্বোধনী অনুষ্ঠানত গৃহ মন্ত্ৰী অমিত শ্বাহ(Home minister Amit Shah), বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব(Assam CM Himanta Biswa Sarma) ।

আনহাতে খানাপাৰাত অনুষ্ঠিত হবলগীয়া বিশাল সভাত বিজেপিৰ ৪০ খন জিলা কমিটিৰ প্ৰায় ৩০ হাজাৰ কৰ্মকৰ্তা উপস্থিত থকাৰ লগতে উক্ত সভাতেই বিভিন্ন দল-সংগঠনৰ প্ৰায় তিনি হাজাৰ লোকে বিজেপিত যোগদান কৰিব বুলি কলিতাই দোহাৰে । আনহাতে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই(MP Dilip Saikia) আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰি কয় যে বিজেপি দলে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনৰ পৰাই পৰৱৰ্তী নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলায় ।

নিজৰ সমষ্টিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ মণ্ডল পৰ্যায়ৰ কমিটিৰ নেতাসকলৰ লগতে কাৰ্যকৰ্তাসকলৰ লগত সাংসদ গৰাকীয়ে একোখনকৈ সাংগঠনিক সভাৰ আয়োজন কৰিছে বুলি কয় । পূৰ্বৰ তুলনাত অধিক ভাল ফল দেখুওৱাৰ উদ্দেশ্যে প্ৰতিটো লোকসভা সমষ্টিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত ইতিমধ্যে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছে বুলি কয় নেতাজনে ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.