বাক্সা 21 এপ্ৰিলঃ- বাক্সাত নিৰ্বাচনী প্ৰচাৰ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰৰ ৷ এই নিৰ্বাচনী সভাত মানিক চৰকাৰে বিজেপিক সমালোচনা কৰি কয় যে বিজেপি সমগ্ৰ ভাৰতবৰ্ষৰ বাবে বিপদজনক ৷ বিজেপি আৰু ইয়াৰ সহযোগী দলক অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা আঁতৰাই ধৰ্মনিৰপেক্ষ দলক আদৰণি জনাবলৈ আহ্বান নেতাগৰাকীৰ ৷
বাক্সাৰ ৰাঙাচাৰাত ৫ নং কোকৰাঝাৰ সমষ্টিৰ চিপিআইএমৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ সমৰ্থনত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজনীতিৰ সাধুপুৰুষ মানিক চৰকাৰে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ধৰ্মীয় তথা সাম্প্ৰদায়িক ৰাজনীতিৰ পৃষ্ঠপোষক বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহক তীব্ৰ সমালোচনা কৰে৷ বিজেপিৰ কৰ্ম সংকোচন নীতি, প্ৰলোভনৰ ৰাজনীতি আৰু মিথ্যাচাৰ প্ৰতিশ্ৰুতিক তীব্ৰ বাক্যবানেৰে থকাসৰকা কৰাৰ লগতে অসমৰ খিলঞ্জীয়া মানুহক সংটকত পেলাব পৰা নাগৰিকত্ব সংশোধনী বিলৰ পক্ষত থকা বিজেপি চৰকাৰক বৰ্জন কৰিবলৈ আহ্বান জনায়৷ এই সভাত উপস্থিত থাকে চিপিআই এমৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক উদ্ধৱ বৰ্মন, প্ৰাক্তন বিধায়ক হেমেন দাস, ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰৰ লগতে অন্যান্য নেতাকৰ্মীসকল ৷