তামুলপুৰ,২১ ছেপ্টেম্বৰ : নিযুক্তি কেলেংকাৰীক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য (Job scam in Assam)। অসম চৰকাৰৰ শেহতীয়া নিযুক্তিত ধনৰ লেনদেনৰ অভিযোগ কৰি গ্ৰেপ্তাৰো হৈছিল ভিক্টৰ দাস নামৰ এজন শিক্ষক (Victor Das arrests)। আদালতে জামিন মঞ্জুৰ কৰিলেও চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ভিক্টৰ দাসৰ বিৰুদ্ধে ।
টেট শিক্ষক ভিক্টৰ দাসক ইতিমধ্যে শিক্ষা বিভাগে নিলম্বন কৰিছে (Victor Das suspended)। ভিক্টৰ দাসৰ নিলম্বনৰ লগে লগে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন বিৰোধী দল আৰু সংগঠনে চৰকাৰৰ এই পদক্ষেপত সমালোচনা কৰিছে । ইয়াৰ মাজতে চৰকাৰী পক্ষই বিভিন্ন ধৰণৰ মন্তব্য কৰাও দেখা গৈছে ।
এইবাৰ বিজেপিৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতাই তীব্ৰ সমালোচনা কৰিলে ভিক্টৰ দাসক । ভৱেশ কলিতাৰ মতে ভিক্টৰ দাস এজন শিক্ষক হৈও, চৰকাৰৰ ভাত খাই চৰকাৰক গালি পাৰি থাকিলে নহ'ব । ভৱেশ কলিতাই ভিক্টৰ দাসক সমালোচনা কৰি কয় যে এজন শিক্ষকে চৰকাৰৰ পৰা পইচা খাই আছে লগতে ব্যক্তিগতভাৱে প্ৰতিষ্ঠান চলাই আছে সেইবোৰ আইন বিৰোধী কাম (Bhabesh Kalita slams Victor Das)।
ইফালে বিজেপিত সভাপতি হতাও অভিযান চলোৱা হৈছে নেকি (BJP state president post controversy) বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে এতিয়া কংগ্ৰেছ হতাও অভিযান হে চলি আছে, বিজেপি জোড়ো কংগ্ৰেছ চৌৰো । ভৱেশ কলিতাৰ মতে তেওঁক দলে সভাপতিৰ দায়িত্ব দিছে । ৰাষ্ট্ৰীয় নেতৃত্বই এই দায়িত্ব দিছে ৰঙিয়া সমষ্টিৰ ৰাইজক সেৱা কৰিব লাগে, অসমত সংগঠনৰ সু-বৃদ্ধি কৰিব লাগে এয়াই এতিয়া তেওঁৰ কাম বুলি উল্লেখ কৰে ।
উল্লেখ্য যে মঙলবাৰৰ পৰা গোৰেশ্বৰ ক্ৰীড়া সন্থা মিনি ষ্টেডিয়ামত আৰম্ভ হয় চি এম ট্ৰফী ফুটবল প্ৰতিযোগিতা (CM football trophy)। এই প্ৰতিযোগিতা শুভাৰম্ভ কৰি ভৱেশ কলিতাই উক্ত বিষয়সমূহৰ ওপৰত মন্তব্য কৰে । গোৰেশ্বৰত ক্ৰীড়াৰ উন্নয়নৰ বাবে আগন্তুক দিনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিলে ভৱেশ কলিতাই ।
লগতে পঢ়ক :অসমৰ মন্ত্ৰীৰ অদক্ষতাৰ বাবে অৰুণাচলৰ হাতত অসমৰ বহু মাটি : আপ