ETV Bharat / state

বৰমা মহাবিদ্যালয়লৈ উৎকৃষ্ট ডিগ্ৰী মহাবিদ্যালয় বঁটা

author img

By

Published : Sep 6, 2022, 8:28 PM IST

১৯৭১ চনত প্ৰতিষ্ঠা লাভ কৰা বৰমা মহাবিদ্যালয়খনে এইবাৰ লাভ কৰিছে ২০২২ বৰ্ষৰ উৎকৃষ্ট ডিগ্ৰী মহাবিদ্যালয়ৰ সন্মান(Best Degree College Award for Barma College)। শিক্ষক দিৱসত এই সন্মান গ্ৰহণ কৰে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড৹ গীতিমা পাটোৱাৰীয়ে ।

Best Degree College Award for Barma College
বৰমা মহাবিদ্যালয়লৈ উৎকৃষ্ট ডিগ্ৰী মহাবিদ্যালয় বঁটা

বাক্সা, ৬ছেপ্টেম্বৰ: বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ে ২০২২ বৰ্ষৰ উৎকৃষ্ট ডিগ্ৰী মহাবিদ্যালয় হিচাপে সন্মান অৰ্জন (Best Degree College Award for Barma College)কৰিছে ৷ যোৱা ৫ চেপ্টেম্বৰৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিটিআৰৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োৱে চিৰাং জিলাৰ সভাকক্ষত এই বঁটা অৰ্পন কৰে বৰমা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড৹ গীতিমা পাটোৱাৰীক ৷

উক্ত বঁটা গ্ৰহণ কৰি খুবেই আনন্দিত অনুভৱ কৰা বুলি মন্তব্য় কৰে অধ্যক্ষা গৰাকীয়ে ৷ মহাবিদ্যালয়খনৰ অধ্যাপক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে এই শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত হৈ থকা শুভাকাংক্ষী সকলক বৰমা মহাবিদ্যালয়ৰ সুনাম অনাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ এই বঁটাত আছে প্ৰমানপত্ৰৰ লগতে সাত লাখ টকাৰ এখন চেক ৷

উল্লেখ্য যে ১৯৭১ চনত প্ৰতিষ্ঠা লাভ কৰা বৰমা মহাবিদ্যালয়খনেই আছিল জিলাখনৰ উচ্চ শিক্ষাৰ একমাত্ৰ মহাবিদ্যালয় ৷ এই মহাবিদ্যালয়খনত বৰমাৰ লগতে বৰমাৰ উত্তৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি আহিছে ৷ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত চতীশ চন্দ্ৰ দাসৰ পৰা যোৱা ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰা ড৹ টিকেন চন্দ্ৰ দাসলৈকে অশেষ কষ্টৰ ফলতে আজি বৰমা মহাবিদ্যালয়খনে এই অৱস্থাত উপনীত হৈছে বুলি কয় অধ্যক্ষা গৰাকীয়ে ৷

লগতে পঢ়ক:অসমৰ মুখ্যমন্ত্ৰী তথা পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত প্ৰতিবাদ কংগ্ৰেছৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.