বাক্সা, 4 নৱেম্বৰঃ বাক্সা জিলাৰ বৰমাত বেজৰ নাকত খৰ ৷ ভূত খেদিবলৈ কৰি আহি ৰাইজৰ হাতত বন্দী ভণ্ড বেজ ৷ ভূত খেদাৰ নামত সংগ্ৰহ কৰা ধন ৰাইজৰ আগতে ভুক্তভোগী পৰিয়ালক ঘূৰাই দিলে ভণ্ড বেজে ৷
ঘটনা অনুসৰি, নলবাৰী জিলাৰ বৰঝাৰ গাঁৱৰ নাৰায়ন তালুকদাৰ নামৰ ব্যক্তিজনৰ পৰিয়ালটোত এপষেক ধৰি এক অদৃশ্য শক্তিয়ে নানান অত্যাচাৰ কৰি আহা বুলি ব্যক্ত কৰে পৰিয়ালৰ লোকে ৷ ঘৰৰ ভিতৰৰ পৰ্দা ফালি দিয়াৰ লগতে বয় বস্তুৰো নানা ক্ষতি সাধন কৰে অদৃশ্য শক্তিয়ে ৷ ঘৰৰ ভিতৰৰ খাদ্য সামগ্ৰীৰ অনিষ্ট কৰাৰ লগতে চুৰি কৰে জোতা চেণ্ডল, স্কুল বেগ, ৰন্ধন গেছৰ চুইচ, চিলিণ্ডাৰ ইত্যাদিৰ ৷ এই অদৃশ্য ভুতৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালটোৱে ওচৰ চাপিছিল নলবাৰী জিলাৰ জৱাৰ্দিৰ হৰেকৃষ্ণ বৰ্মন নামৰ তান্ত্ৰিক জনৰ ৷ তান্ত্ৰিকজনে ইতিমধ্যে পৰিয়ালটোৰ পৰা সংগ্ৰহ কৰে নগত ৩৭,০০০ টকা ৷ সোমবাৰে তান্ত্ৰিক হৰেকৃষ্ণ তালুকদাৰে ভূত খেদাৰ বাবে নাৰায়ন তালুকদাৰৰ ঘৰত তন্ত্ৰ - মন্ত্ৰ কৰি থকা সময়তে উপস্থিত হয় গাঁৱখনৰ বহু লোক ৷ লোকসকলে ভণ্ড তান্ত্ৰিকক আটক কৰি ৰাইজৰ সন্মুখতে ভুক্তভোগী পৰিয়াল টোক টকাখিনি ওভোতাই দিয়ে ৷
উল্লেখ্য যে পূৰ্বেও তান্ত্ৰিক হৰেকৃষ্ণ বৰ্মনে বেজালী কৰিবলৈ গৈ টিহুত ৰাইজৰ ৰোষত পৰি ৰঙাঘৰৰ আলহী হ’ব লগা হৈছিল ৷