ETV Bharat / state

বিটিচিৰ উন্নয়ন ? বাঁহৰ দলঙেৰে যাতায়ত এখন গাঁৱৰ ৰাইজৰ

author img

By

Published : Jun 20, 2019, 8:03 AM IST

বাৰম্বাৰ অনুৰোধৰ পিছতো গা নলৰিল জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ ৷

বাক্সাত বিটিচি গঠনৰ 16 বছৰৰ পিছতো বাঁহৰ দলঙেৰে যাতায়ত এখন গাঁৱৰ ৰাইজৰ

বাক্সা,20 জুনঃ বাঁহৰ দলঙেই যাতায়তৰ একমাত্ৰ সম্বল বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাদংঙা গাঁওবাসীৰ ৷ কাদংঙা আৰু উপচৰীয়া সংযোগী পথত থকা বাঁহৰ দলংখনে জীয়াতু ভোগাইছে গাঁৱৰ সাধাৰণ ৰাইজক ৷ বাক্সাত বিটিচি গঠনৰ 16 বছৰৰ পিছতো বাঁহৰ দলঙেৰে যাতায়ত অব্যাহত ৰাখিছে গাঁৱৰ ৰাইজ ৷ ৰাইজে বছৰ বছৰ ধৰি মেৰামতি কৰি যাতায়তৰ বাবে ব্যৱহাৰ কৰি আহিছে গেৰুৱা নৈৰ ওপৰত বাঁহৰ দলং খন ৷ প্ৰতিটো নিৰ্বাচনৰ সময়তেই জনপ্ৰতিনিধি সকলে আহি ৰাইজক দলং নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে যদিও বৰ্তমানলৈ গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ।

বাক্সাত বিটিচি গঠনৰ 16 বছৰৰ পিছতো বাঁহৰ দলঙেৰে যাতায়ত এখন গাঁৱৰ ৰাইজৰ

উল্লেখ্য যে,58 নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কাদংঙা গাঁৱৰ ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পাছতো আজিলৈকে কোনো এগৰাকী জনপ্ৰতিনিধিয়ে বড়ো,ৰাভা আৰু শৰণীয়া জনগোষ্ঠীৰ বসতি প্ৰধান কাদংঙা গাওঁখনক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ গাঁওখনৰ ৰাইজৰ ৷

Intro:বাক্সাত বিটিচি গঠনৰ ১৬ বছৰ পিছতো বাহৰ দলং ৰে যাতায়ত এখন গাওঁৰ ৰাইজ ।

Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাদংঙা আৰু উপচৰীয়া সংযোগী পথত থকা বাহৰ দলংখন বিটিচি গঠনৰ ১৬ টা বছৰ পিছতো সলনি নহল উন্নয়নৰ জখলা। উক্ত বাহৰ দলংখন গেৰুৱা নৈৰ ওপৰত এনেদৰে ৰাইজে বছৰ বছৰ ধৰি মেৰামতি কৰি যাতায়তৰ বাবে ব্যৱহাৰ কৰি আহিছে । স্থানীয় ৰাইজে জানিব দিয়া মতে প্ৰতিটো নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি সকলে আহি ৰাইজক আচ্ছাক দিয়ে যে এইবাৰ বাহৰ দলংখনৰ বিপৰীতে এখন পকী দলং দিয়াৰ ব্যৱস্থা হব । তাৰ কিছু দিন পিছত কেইগাড়ীমান শিল বালিও নেপেলোৱাকৈ নাথাকে কিন্তু দলংখনহে হৈ নুঠিল আজিলৈকে বুলি কয় ।

Conclusion:উল্লেখ্য যে ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কাদংঙা গাওঁখন লোকসভাৰ সাংসদ, বিধায়ক, এম চি এল এ ক্ৰমে তিনিজন জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে । পিছে আজিলৈকে কোনো এগৰাকী জনপ্ৰতিনিধিয়ে বড়ো,ৰাভা আৰু শৰণীয়া জনগোষ্ঠীৰ বসতি প্ৰধান কাদংঙা গাওঁখনক গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ।

ভাষ্য :১/২ স্থানীয় পুৰুষ, মহিলা

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.