ডিব্ৰুগড়, ২৮ ছেপ্টেম্বৰ : ৰাজ্যত অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ অহাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে এই প্ৰৱঞ্চনাৰ সৈতে জড়িত কোনা লোক সাৰি নাযাব । আনহাতে, অনলাইন প্ৰৱঞ্চনাত হাত উজান দিয়া একাংশ ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ বিৰুদ্ধেও কঠোৰ সকীয়নি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে । সকলোকে তদন্তৰ আওতালৈ অনাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে । তাৰেই অংশ হিচাপে এইবাৰ ৰাজ্যৰ দুই জনপ্ৰিয় Youtuber-ক আৰক্ষীৰ চমন ।
ডিব্ৰুগড়ত ২২ বছৰীয়া বিশাল ফুকনে অনলাইন ট্ৰেডিং কৰি কোটি কোটি টকাৰ গৰাকী হোৱা ঘটনাৰ চাঞ্চল্য ৰাজ্যত অব্যাহত আজিও আছে । বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল বিশাল ফুকনক ।

ইয়াৰ সমান্তৰালভাৱে বিশাল ফুকনৰ সহযোগী হিচাপে চিহ্নিত হোৱা চুমী বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাই বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পাছত দহদিন পলাতক হৈ থাকি এছ টি এফৰ ওচৰত আত্মসমৰ্পণ কৰা পাছতে গ্ৰেপ্তাৰ কৰা হয় ।

ইয়াৰ মাজতে ডিব্ৰুগড়ত চুমী, বিশালৰ ৰুজু হৈ থকা গোচৰ সন্দৰ্ভত সাংবাদিক তথা ৰাজ্যৰ জনপ্ৰিয় Youtuber চক্ৰপাণি পৰাশৰ আৰু Youtuber অৱয়ব ভূঞাক চি আই ডিয়ে চমন জাৰি কৰে । শনিবাৰে দুয়োগৰাকীকে সোধা-পোছাৰ বাবে ডিব্ৰুগড় সদৰ থানালৈ তলৱ কৰা হৈছে ।
এই দুয়োগৰাকী জনপ্ৰিয় Youtuber-এ চুমী বৰাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি নিজ নিজ Youtube চেনেলত প্ৰচাৰ কৰিছিল ।
আনহাতে, সাংবাদিক তথা Youtuber চক্ৰপাণি পৰাশৰে বিশাল ফুকন আৰু চুমীৰ ভাতৃ ৰাজীৱ বৰাই আৰম্ভ কৰা পাৰ্চেলিয়া নামৰ ঔষধ কোম্পানীৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি ভিডিঅ' প্ৰস্তুত কৰিছিল ।
এই সংক্ৰান্ততে চি আই ডিয়ে দুয়োকে সোধা-পোছাৰ বাবে তলৱ কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে দুয়োগৰাকী Youtuber বিশাল-চুমীৰ অনলাইন ট্ৰেডিঙৰ সৈতে আন কিবা কাৰণত জড়িত থকাৰ কিবা তথ্য আৰক্ষীয়ে লাভ কৰিছে নেকি সেয়া জানিব পৰা হোৱা নাই ।
উল্লেখ্য যে যোৱা ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল । বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত 352/24 নম্বৰত গোচৰ পঞ্জীয়ন কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Act-ৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।
আনহাতে, চুমী-তাৰ্কিকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক । বৰ্তমান বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত আৰক্ষীয়ে নিজাকৈ ৰুজু কৰা গোচৰটোতেই বিশাল ফুকন, চুমী বৰা, তাৰ্কিক বৰা আৰু অম্লান বৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ।