ETV Bharat / state

তামোল গছৰ খুঁটাৰে চলে তামুলপুৰ উপ সংমণ্ডলৰ বিদ্যুৎ সেৱা - ৭ জানুৱাৰী

পকী খুঁটাৰ বাবে বিদ্যুৎ বিভাগৰ ঠিকাদাৰক স্থানীয় ৰাইজে টকা দিব নোৱাৰাত ঠিকাদাৰসকলে বিপদসংকুলভাৱে বাঁহ,তামোল আৰু গছৰ খুটাত স্থাপন কৰিছে বিদ্যুতৰ তাঁৰ ।

Bamboo & tree Post Current Supply
তামোলৰ গছৰ খুঁটাৰে চলে তামুলপুৰ উপ সংমণ্ডলৰ বিদ্যুৎ সেৱা
author img

By

Published : Jan 7, 2020, 1:09 PM IST

বাক্সা,৭ জানুৱাৰী: বাক্সাৰ জিলাৰ তামুলপুৰ উপ সংমণ্ডলৰ অধীনষ্ঠ ১ নং ডোঙাৰগাঁৱৰ ধেপগুৰীত বগাহাতীত পৰিণত দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি আঁচনি। আঁচনিখন ৰূপায়ণৰ নামত ধেপগুৰী গাঁৱৰ সৰ্বসাধাৰণ লোকৰ জীৱনৰ লগত হেতালি খেলিছে তামুলপুৰ বিদ্যুৎ উপ সংমণ্ডলত কৰ্মৰত কৰ্মচাৰীসকলে।

তামোলৰ গছৰ খুঁটাৰে চলে তামুলপুৰ উপ সংমণ্ডলৰ বিদ্যুৎ সেৱা

আঁচনিৰ অধীনত ঘৰে ঘৰে বিদ্যুৎ যোগানৰ নামত একাংশ ঠিকাদাৰে দিন হাজিৰা কৰি খাটি খোৱা লোকৰ পৰা পকী খুঁটা দিয়াৰ নামত টকা বিচৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু স্থানীয় ৰাইজে পকী খুঁটাৰ বাবে টকা দিব নোৱাৰাত ঠিকাদাৰসকলে বিপদসংকুলভাৱে বাঁহ,তামোল আৰু গছৰ খুটাত বিদ্যুতৰ তাঁৰসমূহ স্থাপন কৰে। অঞ্চলটোত বহু লোকৰ ঘৰৰ মুধছৰ ওপৰৰে গৈছে বিদ্যুতৰ তাঁৰ।

উল্লেখ্য যে,তামুলপুৰ বিদ্যুৎ উপ সংমণ্ডলটোত কৰ্মৰত কৰ্মচাৰীসকলে চৰকাৰে সময় মতে দৰমহা আদায় নিদিলে প্ৰতিবাদ কৰিবলৈহে গোট খাই বুলি স্থানীয় লোকে অভিযোগ কৰিছে। কিন্তু গাঁৱৰ মিটাৰ ৰিডিং আৰু নিৰীক্ষণ কৰিবলৈ কোনো বিষয়া কৰ্মচাৰী সময়মতে নহাৰ অভিযোগ কৰিছে স্থানীয় লোকে ।

লগতে চাওকঃপৰিৱৰ্তনে ঢুকি নোপোৱা ধেমাজিৰ এটা অঞ্চল

Intro:এতিয়াও বাহ ,তামোলৰ গছৰ খুটাৰে চলে তামুলপুৰ উপ সংমণ্ডলৰ বিদ্যুৎ সেৱা ।

Body:কত গল ৰাজীৱ গান্ধী বিদ্যুতিক যোগদান আচনী আৰু দীন দয়াল বিদ্যু যোগান আচনী । এই দুই আচনীৰে যি ঘৰে ঘৰে বিদ্যুত লাভ কৰিব বুলি যি প্ৰস্তুতি দিছিল সেইয়া এতিয়াও ১ নং ডোঙাৰগাওত বগাহাতীত পৰিণত । এই গাওঁখন হৈছে
বাক্সাৰ জিলাৰ তামুলপুৰ উপ সংমণ্ডলৰ অধিনস্থ বৃহত্তৰ ১ নং ডোঙাৰগাওৰ নৈপৰীয়া ধেপগুৰী গাওবাসীয়ে এতিয়াও বিপদ সংকুল ভাৱে বাহ ,তামোল আৰু গছৰ খুটাৰে বিদ্যুত সেৱা লাভ কৰিছে।
উল্লেখ্য যে একাংশ ঠিকাদাৰে এই আচনী সমূহ ৰূপায়ণ কৰিবলৈ এইসকল দিন হাজিৰা কৰি খাটি খোৱা লোকৰ পৰা পকি খুটা দিয়াৰ নামত টকা বিছাৰিছিল আৰু এওঁলোক দিব নোৱাৰা বাবেই এনেদৰে বাহ,তামোল গছৰ খুটাৰে বিদ্যুত সেৱা লবলৈ বাধ্য হৈ পৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

Conclusion:গাওঁখনত প্ৰায় ১৪ টা বাহ,তামোল আৰু গছৰ খুটা আছে আৰু বহু লোকৰ ঘৰৰ মুধছদৰ ওপৰৰে গৈছে বিদ্যুতৰ তাৰ । জানিব পৰা মতে তামুলপুৰ বিদ্যুত উপ -সংমণ্ডলটোত কৰ্মৰত কৰ্মচাৰী সকলে সময় মতে চৰকাৰে দৰমহা নিদিলে প্ৰতিবাদ কৰিবলৈহে কৰ্মচাৰী সকল গোট খাই বুলি অভিযোগ উত্থাপন হৈ আহিছে । কিন্তু এই সমূহ গাঁৱৰ ৰাইজে মিটাৰ ৰিডিং আৰু নিৰক্ষণ কৰিবলৈকে কোনো বিষয়া কৰ্মচাৰীহে নাই ।

ভাষ্য : স্থানীয় মহিলা

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.