ETV Bharat / state

বাক্সাৰ সুৱনখাটাত ভুল চিকিৎসাৰ অভিযোগঃ এজনৰ মৃত্যু - NABIN CH RABHA MEMORIAL CLINIC

পৰিয়ালৰ অভিযোগ ভুল চিকিৎসাৰ বলি হৈছে ৰাজু বসুমতাৰী ৷ কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰি সন্দেহত যক্ষ্মাৰ ঔষধ দিয়া বাবেই মৃত্যুক আঁকোৱালি ললে ৰাজু বসুমতাৰীয়ে ৷

বাক্সাৰ সুৱনখাটাত ভুল চিকিৎসাৰ অভিযোগঃ এজনৰ মৃত্যু
author img

By

Published : Aug 20, 2019, 11:28 PM IST

বাক্সা, ২০ আগষ্টঃ ভুল চিকিৎসাৰ বলি হৈ বাক্সাৰ সূৱণখাটাত ৰাজু বসুমতাৰী নামৰ লোকজনে মৃত্যুক সাৱটি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই৷ জানিব পৰামতে 6 আগষ্টত বাক্সা জিলাৰ সুৱণখাটাৰ দক্ষিণকুছিৰ ৰাজু বসুমতাৰী নামৰ লোকজনৰ কাঁহ আৰু জ্বৰ হোৱাৰ বাবে তামুলপুৰত থকা ডা: নবীন চন্দ্ৰ ৰাভা মেম'ৰিয়েল ক্লিনিকত চিকিৎসা কৰিছিল৷ক্লিনিক খনৰ চিকিৎসক ডাঃ কংকন ৰাভাই চাই কৰি ৰাজু বসুমতাৰী নামৰ লোকজন যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা বুলি কেইটামান পৰীক্ষা কৰিবলৈ নিৰ্দেশ দি দুবিধমান ঔষধ প্ৰদান কৰি ঘৰলৈ পঠিয়াই দিয়ে৷ ৰাজু বসুমতাৰীয়েও চিকিৎসকৰ পৰামৰ্শমতে ঔষধ সেৱন কৰাৰ পিচতে অচেতন হৈ পৰে৷ পৰিয়ালৰ লোকে লগে লগে চিকিৎসক কংকন ৰাভাৰ লগত যোগাযোগ কৰাত চিকিৎসকজনে নিজৰ ভুল স্বীকাৰ কৰি উন্নত চিকিৎসাৰ বাবে আন ঠাইলৈ নিয়াৰ বাবে পৰামৰ্শ দিয়েই দায়িত্ব সামৰে৷

বাক্সাৰ সুৱনখাটাত ভুল চিকিৎসাৰ অভিযোগঃ এজনৰ মৃত্যু

ইফালে পৰিয়ালৰ লোকসকলে ততাতৈয়াকৈ প্ৰথমে মুছলপুৰ আৰু পিচত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও অৱস্থাৰ কোনো পৰিৱৰ্তন নহ'ল ৰাজু বসুমতাৰীৰ৷ পিচত উপায়ন্তৰ হৈ লোকজনৰ পৰিয়ালে চিকিৎসক কংকন ৰাভাৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত ১৪ আগষ্টত এখন এজাহাৰ দাখিল কৰ৷ পৰিয়ালৰ অভিযোগ ভুল চিকিৎসাৰ বলি হৈছে ৰাজু বসুমতাৰী ৷ কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰি সন্দেহত যক্ষ্মাৰ ঔষধ দিয়া বাবেই ৰাজুৱে মৃত্যুক আঁকোৱালি ললে৷ আনহাতে সোমবাৰে ৰাজু বসুমতাৰীয়ে অকাল মৃত্যুক সাৱটি লোৱাত দক্ষিণকুছিৰ ঘৰত দণ্ডাধীশসহ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷

Intro:বাক্সাৰ খুৱনখাটাত ভুল চিকিৎসাৰ বাবে এজন লোকৰ মৃত্যুBody:বাক্সা, ২০ আগষ্টঃ

ভুল চিকিৎসাৰ বলি হৈ মৃত্যু এজনৰ ৷ বাক্সাৰ সূৱণখাটাত মৃত্যু সাৱটি ল'লে ৰাজু বসুমতাৰী নামৰ লোকজনে ৷ চিকিৎসকৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰ দাখিল তামুলপুৰ আৰক্ষী থানাত ৷ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
জানিব পৰা মতে বিগত ছয় আগষ্টত বাক্সা জিলাৰ সূৱণখাটাৰ দক্ষিণকুছিৰ ৰাজু বসুমতাৰী নামৰ লোকজনে সাধাৰণ কাহ আৰু জ্বৰ হোৱা বাবে তামুলপুৰত থকা ডা: নবীন চন্দ্ৰ ৰাভা মেমোৰিয়েল ক্লিনিকত চিকিৎসা কৰিছিল ৷ ক্লিনিক খনৰ চিকিৎসক ডা৹ কংকন ৰাভাই চাই চিতি ৰাজু বসুমতাৰীৰ যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা বুলি কিছু পৰীক্ষা নিৰিক্ষা কৰিবলৈ নিৰ্দেশ দি ব্যৱস্থাপনাৰ জড়িয়তে ঔষধ প্ৰদান কৰি ঘৰলৈ পঠায় দিয়ে ৷ ৰাজু বসুমতাৰীয়েও ব্যৱস্থাপনা মতে ঔষধ আনি সেৱন কৰাৰ পিচতে অচেতন হৈ পৰে ৷ পৰিয়ালৰ লোকে লগে লগে চিকিৎসক কংকন ৰাভাৰ লগত যোগাযোগ কৰাত চিকিৎসকজনে নিজৰ ভুল স্বীকাৰ কৰি উন্নত চিকিৎসাৰ বাবে আন ঠাইলৈ নিয়াৰ বাবে পৰামৰ্শ দিয়ে দায়িত্ব সামৰে ৷ পৰিয়ালে ততাতৈয়াকৈ প্ৰথমে মুছলপুৰ আৰু পিচত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও অৱস্থাৰ কোনো পৰিৱৰ্তন নহ'ল ৷ পিচত উপায়ন্তৰ হৈ ৰাজুৰ পৰিয়ালে চিকিৎসক কংকন ৰাভাৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত ১৪ আগষ্টত এখন এজাহাৰ প্ৰদান কৰে ৷ পৰিয়ালৰ অভিযোগ ভুল চিকিৎসাৰ বলি হৈছে ৰাজু বসুমতাৰী ৷ কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰি সন্দেহত যক্ষ্মাৰ ঔষধ দিয়া বাবেই ৰাজুৱে মৃত্যুক আকোৱালি ললে ৷ ইফালে সোমবাৰে ৰাজু বসুমতাৰীয়ে অকাল মৃত্যুক সাৱটি লোৱাত দক্ষিণকুছিৰ ঘৰত দণ্ডাধীশসহ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:ভুল চিকিৎসাৰ বাবেই এজন লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছা পেলাইছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.