ETV Bharat / state

বাক্সাত নৱ শৰণীয়াৰ সমৰ্থকক আক্ৰমণঃ অভিযুক্তৰ বিৰুদ্ধে গোচৰ নলয় আৰক্ষীয়ে! - বাক্সাৰ নয়াবস্তিত আক্ৰমণৰ বলি হৈছে সাংসদ নৱ কুমাৰ শৰণীয়াৰ সমৰ্থক

বাক্সাৰ নয়াবস্তিত আক্ৰমণৰ বলি হৈছে সাংসদ নৱ কুমাৰ শৰণীয়াৰ সমৰ্থক ৷ সাংসদগৰাকীৰ সভাত অংশগ্ৰহন কৰাৰ বাবে যুৱ বিপিএফৰ সদস্যই এজন যুৱকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

BAKSHA NABA SARANIA SUPPORTER ATTACK
author img

By

Published : Sep 20, 2019, 9:58 PM IST

বাক্সা, 20 ছেপ্টেম্বৰঃ জানিব পৰা মতে বিগত কিছুদিন পূৰ্ৱে সাংসদ নৱ কুমাৰ শৰণীয়াই এক কাৰ্যসুচী লৈ উপস্থিত হৈছিল নয়াবস্তিত ৷ ৰাইজৰ লগতে নয়াবস্তিৰ নিপন দাস নামৰ এইগৰাকী যুৱকেও ভাগ লৈছিল সাংসদগৰাকীৰ কাৰ্যসুচীত৷ পিচে নৱ কুমাৰ শৰণীয়াৰ কাৰ্যসূচীত যোৱাটোৱে অপৰাধ হ'ল নিপন দাসৰ ৷ অভিযোগ অনুসৰি, বুধবাৰে নয়াবস্তিৰ কেইজনমান যুৱ বিপিএফৰ সদস্যই নিপন দাসক নয়াবস্তি চ'ক বজাৰত আগুৰি ধৰি বিভিন্ন প্ৰশ্ন কৰাৰ লগতে মাৰপিট কৰে ৷ যুৱকজনে প্ৰাণৰ মমতাত দৌৰি পলাবলৈ চেষ্টা কৰে যদিও পিচে-পিচে খেদি গৈ প্ৰহাৰ কৰে বিপিএফৰ সদস্যসকলে ৷ ফলত গুৰুতৰভাৱে আহত হয় নিপন দাস ৷

বাক্সাত নৱ শৰণীয়াৰ সমৰ্থকক আক্ৰমণঃ অভিযুক্তৰ বিৰুদ্ধে গোচৰ নলয় আৰক্ষীয়ে!

ইপিনে, বৃহস্পতিবাৰে ঘটনা সন্দৰ্ভত নিপন দাসে বৰবৰী আৰক্ষী থানাত যুৱ বিপিএফৰ সদস্য কেইগৰাকীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ থানাত উপস্থিত হয় যদিও ৰহস্যজনক কাৰণত থানাৰ বিষয়াগৰাকীয়ে এজাহাৰ গ্ৰহন নকৰিলে ৷ যাৰবাবে এতিয়া শংকিত হৈ পৰিছে ভূক্তভোগী নিপন ৷ এনে এক পৰিস্থিতিত এজাহাৰ লবলৈ অস্বীকাৰ কৰা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰিছে অবড়ো সুৰক্ষা সমিতি ৷

Intro:বাক্সাত নৱ শৰণীয়াৰ সমৰ্থকক আক্ৰমণBody:বাক্সাৰ নয়াবস্তিত সাংসদ নৱ কুমাৰ শৰণীয়াৰ সমৰ্থকক বিপিএফ কৰ্মীৰ আক্ৰমণ।
বাক্সা,২০ চেপ্তেম্বৰঃ
সাংসদ নৱ কুমাৰ শৰণীয়াৰ উত্থানত ভীতিগ্ৰস্থ হৈছে বিপিএফ ৷ সাংসদগৰাকীৰ উত্থানত দিগবিদিগ হেৰুৱাইছে বিপিএফৰ নেতা কৰ্মী ৷ ফলত আক্ৰমনৰ লক্ষ্য লৈছে সাংসদগৰাকীৰ সমৰ্থকক ৷ তেনে এক ঘটনা সংঘটিত হৈছে বাক্সাৰ নয়াবস্তিত ৷ সাংসদগৰাকীৰ সভাত অংশগ্ৰহন কৰাৰ বাবে যুৱ বিপিএফৰ সদস্যই মাৰপিট কৰে এজন যুৱকক ৷ জানিব পৰা মতে বিগত কিছুদিন পূৰ্ৱে সাংসদ নৱ কুমাৰ শৰণীয়াই এক কাৰ্যসুচী লৈ উপস্থিত হৈছিল নয়াবস্তিত ৷ ৰাইজৰ লগতে নয়াবস্তিৰ নিপন দাস নামৰ এইগৰাকী যুৱকেও ভাগ লৈছিল সাংসদগৰাকীৰ কাৰ্যসুচীত ৷ পিচে নৱ কুমাৰ শৰণীয়াৰ কাৰ্যসুচীত যোৱাটোৱে অপৰাধ হ'ল নিপন দাসৰ ৷ যোৱা বুধবাৰে নয়াবস্তিৰ কেইজনমান যুৱ বিপিএফৰ সদস্যই নিপন দাসক নয়াবস্তি চ'ক বজাৰত আগুৰি ধৰি বিভিন্ন প্ৰশ্ন কৰাৰ লগতে মাৰপিট কৰে ৷ নিপনে প্ৰাণৰ মমতাত দৌৰ মাৰে যদিও পিচে পিচে খেদি গৈ প্ৰহাৰ কৰে বিপিএফৰ সদস্যসকলে ৷ ফলত গুৰুতৰভাৱে আহত হয় নিপন দাস ৷ বৃহস্পতিবাৰে ঘটনা সন্দৰ্ভত নিপন দাসে বৰবৰী আৰক্ষী থানাত যুৱ বিপিএফৰ সদস্য কেইগৰাকীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ থানাত উপস্থিত হয় যদিও ৰহস্যজনক কাৰণত থানাৰ বিষয়াগৰাকীয়ে এজাহাৰ গ্ৰহন নকৰিলে ৷ যাৰবাবে এতিয়া শংকিত হৈ পৰিছে ভূক্তভোগী নিপন ৷
বাইট---
ইফালে এজাহাৰ লবলৈ অস্বীকাৰ কৰা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে অবড়ো সুৰক্ষা সমিতিম
বাক্সাৰ পৰা দিলীপ বড়ো ৷ Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.