ETV Bharat / state

বাক্সাৰ বৰলীয়া নৈত উটি যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ - এছ ডি আৰ এফ বাহিনী

বৰ্তমানেও কোনো সন্ধান নাই চুমন নন্দী (১৭) নামৰ যুৱকজনৰ । ৰাইজে নদীত বৰ্তমানেও যুৱকজনৰ সন্ধান উলিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ‌বুলি জানিব পৰা গৈছে ।

baksha-baralia-river-tragedy
বাক্সাৰ বৰলীয়া নৈত উটি যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Aug 7, 2020, 1:02 PM IST

বাক্সা, 7 আগষ্ট : অৱশেষত উদ্ধাৰ হৈছে বাক্সাৰ দ্বাৰকুছিত বন্ধুৰ সৈতে গা ধুই থকা অৱস্থাত বৰলীয়া নৈত উটি যোৱা যুৱকৰ মৃতদেহ । বৃহস্পতিবাৰে গা ধুই থকা অৱস্থাত বৰলীয়া নৈৰ পানীয়ে উটুৱাই নিছিল ৬ জনকৈ যুৱকক । যাৰ পাছত ৰাইজে ৪ জন যুৱকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও দুজন যুৱকৰ কোনো সন্ধান উলিয়াব পৰা নাছিল । পৰৱৰ্তী সময়ত ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনীয়ে চাৰি ঘন্টা ধৰি নদীত অভিযান চলায়ো কোনো সন্ধান উলিয়াব নোৱাৰিলে যুৱক দুজনৰ ।

কিন্তু ৰাইজে নিশাৰ ভাগত মদন নন্দী (২৩) নামৰ এজনৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মদনৰ মৃতদেহ উদ্ধাৰৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত ।

আনহাতে বৰ্তমানেও কোনো সন্ধান নাই চুমন নন্দী (১৭) নামৰ যুৱকজনৰ । ৰাইজে নদীত বৰ্তমানেও যুৱকজনৰ সন্ধান উলিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ‌বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ডিমা হাছাওত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা 202 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.