ETV Bharat / state

পৰ্যটক আদৰিবলৈ সাজু মানাহ ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Oct 17, 2020, 3:59 PM IST

লক ডাউনৰ বাবে বিগত সাত মাহে বন্ধ আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ ক’ৰণা মহামাৰীৰ বাবে উদ্যান কৰ্তৃপক্ষই বন্ধ কৰি দিছিল পৰ্যটকৰ আগমন ৷ যাৰ ফলত বন্ধ হৈ পৰিছিল জীপ ছাফাৰী, ৰিজৰ্ট সমূহ ৷ লক ডাউনে জনজীৱনলৈ ভাবুকিৰ কঢ়িয়াই আনিছিল ৷

baksa tourist welcome manas national wildlife santuray
পৰ্যটক আদৰিবলৈ সাজু মানাহ ৰাষ্ট্ৰীয় উদ্যান

বৰমা, ১৭ অক্টোবৰঃ প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ ঘুৰি আহিছে নতুন প্ৰাণ ৷ বিগত সাত মাহৰ পিচত পৰ্যটক আহিবলৈ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৷ লক ডাউনৰ বাবে বিগত সাত মাহে বন্ধ আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ ক’ৰণা মহামাৰীৰ বাবে উদ্যান কৰ্তৃপক্ষই বন্ধ কৰি দিছিল পৰ্যটকৰ আগমন ৷ যাৰ ফলত বন্ধ হৈ পৰিছিল জীপ ছাফাৰী, ৰিজৰ্ট সমূহ ৷ লক ডাউনে জনজীৱনলৈ ভাবুকিৰ কঢ়িয়াই আনিছিল ৷ উক্ত ব্যৱসায়ৰ লগত জড়িত প্ৰায় দুই শতাধিক পৰিয়ালৰ জীৱনৈ অমানিশা নামি আহিছিল ৷

সম্প্ৰতি ৰাজ্য চৰকাৰে লক ডাউন প্ৰত্যাহাৰ কৰাৰ লগে লগে চলিত মাহৰ ২ অক্টোবৰত উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ যাৰ ফলত আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে জীপ ছাফাৰীৰ লগতে হাতী ছাফাৰী ৷ লক ডাউন শিথিল কৰাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটিছে বিভিন্ন ক্ষেত্ৰৰ পৰ্যটকৰ ৷

আনহাতে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ পিচতেই উৎফুল্লিত হৈ পৰিছে উদ্যানখনৰ দাতিকাষৰীয়া ৰিজৰ্টৰ মালিক-কৰ্তৃপক্ষ ৷ ৰিজৰ্ট সমূহৰ মালিক-কৰ্তৃপক্ষৰ আশা বিদেশী পৰ্যটক নাহিলেও দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটিব মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ পূৰ্বৰ পৰিবেশ ঘুৰি আহিব উদ্যানখনলৈ ৷ মৃত্যুমুখী পৰ্যটন উদ্যোগটো পুনৰ ঠন ধৰি উঠিব।

লগতে পঢ়কঃ অসম-মেঘালয় সীমান্ত পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.