ETV Bharat / state

কুমাৰীকাটাত আন্তঃজিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাৰ সামৰণি

author img

By

Published : Mar 22, 2021, 1:11 PM IST

দেওবাৰে অন্ত পৰিল তামুলপুৰৰ কুমাৰীকাটাত অনুষ্ঠিত হোৱা ২৭ সংখ্যক অমূল্য দাস সোঁৱৰণি আন্তঃজিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতা । বাক্সা জিলা হেণ্ডবল সন্থাৰ উদ্যোগত আৰু অসম হেণ্ডবল সন্থাৰ সহযোগত কুমাৰীকাটা ৰাইজিংষ্টাৰ একাডেমী খেলপথাৰত এই প্ৰতিযোগিতাত অনুষ্ঠিত হয় ।

কুমাৰীকাটাত আন্তঃজিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাৰ সামৰণি
কুমাৰীকাটাত আন্তঃজিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাৰ সামৰণি

বাক্সা, ২২ মাৰ্চ: বাক্সাৰ তামুলপুৰৰ কুমাৰীকাটাত অনুষ্ঠিত হোৱা ২৭ সংখ্যক অমূল্য দাস সোঁৱৰণি আন্তঃজিলা জুনিয়ৰ ল'ৰা-ছোৱালী হেণ্ডবল প্ৰতিযোগিতাত ছোৱালীৰ শাখাত বিজয়ীৰ খিতাপ অৰ্জন কৰিলে শিৱসাগৰ দলে । যোৱা ১৯ মাৰ্চৰ পৰা বাক্সা জিলা হেণ্ডবল সন্থাৰ উদ্যোগত আৰু অসম হেণ্ডবল সন্থাৰ সহযোগত কুমাৰীকাটা ৰাইজিংষ্টাৰ একাডেমী খেলপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

দেওবাৰে আন্তঃজিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাৰ সামৰণি পৰে । দেওবাৰে ছোৱালী আৰু ল'ৰাৰ চূড়ান্ত প্ৰতিযোগিতা দুখন উদ্ধোধন কৰে কুমাৰীকাটাস্থিত বিহাৰ ৰেজিমেণ্টৰ চুবেদাৰ মেজৰ সুধীৰ পাণ্ডে আৰু অসম হেণ্ডবল সন্থাৰ উপ-সভাপতি গিৰিশ ঢেকিয়াল ফুকনে ।

ছোৱালীৰ চূড়ান্ত খেলত শিৱসাগৰ দলে নলবাৰী দলক (১৪-৯ ) ৫টা গ'লৰ ব্যৱধানত পৰাজিত কৰে । আনহাতে, ল'ৰাৰ চূড়ান্ত খেলত প্ৰাগজ্যোতিষপুৰ দলক (২৬-২১ ) ৫টা গ'লৰ ৱ্যৱধানত পৰাস্ত কৰি কামৰূপ জিলা দলে বিজয়ী দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । ল'ৰা আৰু ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ক্ৰমে ৰাহুল ৰবি দাস আৰু প্ৰীতি টেলেংগাই । ৰাজ কুমাৰ লাহন আৰু গীতাঞ্জলি বড়োই শ্ৰেষ্ঠ গ'লৰক্ষকৰ সন্মান লাভ কৰে ।

উল্লেখ্য যে, কুমাৰীকাটাত প্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাত কামৰূপ, নগাঁও, মৰিগাঁও, গোলাঘাট, বাক্সা, নাহৰকটীয়া, তিনিচুকীয়া, ধুবুৰী, যোৰহাট, চৰাইদেউ, তেজপুৰকে ধৰি অসমৰ ৩১ খন জিলাৰ ৩৪টা দলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:বিহালীলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জো পি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.