ETV Bharat / state

নাগ্ৰীজুলিত সুৰামত্ত এজনে হত্যা কৰিলে পত্নীক - নাগ্ৰীজুলি

বৃহস্পতিবাৰে সন্ধিয়া বাক্সাৰ নাগ্ৰীজুলিত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজ পত্নী আৰু কন্যাক আক্ৰমণ এজন লোকৰ ৷ পত্নী আৰু কন্যাক আক্ৰমণ কৰাৰ পাচত ৰাজকুমাৰ নামৰ লোকজনে চোকা অস্ত্ৰৰে নিজৰ দেহত আক্ৰমণ কৰি আত্মহত্যাৰো চেষ্টা চলায় ৷ এই আক্ৰমণত লোকজনৰ পত্নীৰ মৃত্যু হয় আৰু কন্যা সন্তানটি গুৰুতৰভাৱে আহত হয় ৷

Baksa Nagrijuli murder
নাগ্ৰীজুলিত সুৰামত্ত হৈ পত্নীক হত্যা এজন লোকৰ
author img

By

Published : Nov 5, 2020, 10:16 PM IST

বাক্সা,5 নৱেম্বৰ : বাক্সাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত 2 নং বগৰীখুটী গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা ৷

প্ৰাপ্ত তথ্য অনুসৰি,সন্ধিয়া ভাগত গাঁওখনৰ ৰাজকুমাৰ দাস (45) নামৰ এজন লোকে নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজ পত্নী ঝৰ্ণা দাসক (40) কুঠাৰেৰে উপৰ্যুপৰি আক্ৰমণ কৰে ৷ এই আক্ৰমণত পত্নীগৰাকী গুৰুতৰভাৱে আহত হয় ৷

মাকক বচাবলৈ যাঁওতে নিজ কন্যা ববিতা দাসকো (14) উপৰ্যুপৰি আক্ৰমণ কৰি ধৰাশায়ী কৰে লোকজনে ৷ ফলত ববিতা নামৰ কন্যা সন্তানটিও গুৰুতৰভাৱে আহত হয় ৷ ইফালে পত্নী আৰু কন্যাক আক্ৰমণ কৰাৰ পাচত ৰাজকুমাৰে চোকা অস্ত্ৰৰে নিজৰ দেহত আক্ৰমণ কৰি আত্মহত্যাৰ চেষ্টা চলায় ৷

এই চাঞ্চল্যকৰ ঘটনাৰ পাচতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজে নাগ্ৰীজুলি আৰক্ষী চকীত খবৰ দিয়াৰ পাচত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ বুজ লয় ৷ আৰক্ষীয়ে গুৰুতৰভাৱে আহত পত্নী আৰু কন্যাক স্থানীয় ৰাইজৰ সহযোগত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্য়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ইফালে চিকিৎসালয়ত চিকিৎসকে ৰাজকুমাৰৰ পত্নী ঝৰ্ণা দাসক মৃত বুলি ঘোষণা কৰে আৰু ৰাজকুমাৰৰ কন্যা ববিতাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ ইফালে ঘৰৰ পৰা পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা কৰে পুত্ৰ সন্তান সুজিত দাসে । গুৰুতৰভাৱে আহত ৰাজকুমাৰকো আৰক্ষীয়ে আটক কৰি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ডেগাৰ দেখুৱাই লুটি নিলে ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.