বৰমা, ২ অক্টোবৰঃ বাক্সাৰ ভাৰত-ভূটান সীমান্তত নৃশংস হত্যাকাণ্ড সংঘটিত ৷ এটা বিড়িৰ বাবে মহাকে চোকা অস্ত্ৰেৰে হানিখুচি হত্যা কৰিলে ভতিজাক ৷ বাক্সাৰ নিকাছী আৰক্ষী চকীৰ অন্তৰ্গত ১ নং মধুপুৰত সংঘটিত এই নৃশংস হত্যাকাণ্ড ৷ ৰঞ্জিত বাৰ্লা নামৰ যুৱকজনক হত্যা কৰিলে লোৰেন বিলুঙে ৷
উল্লেখযোগ্য যে, সোমবাৰে নিশা সংঘটিত হয় এই হত্যাকাণ্ডটো ৷ জানিব পৰা মতে সোমবাৰে ১ নং মধুপুৰৰ ৰঞ্জিত বাৰ্লাই মহাক লোৰেন বিলুঙৰ ঘৰৰ চৌহদতে থকা দোকানত বিড়ি কিনিবলৈ আহি মোক এটা বিড়ি দিয়ক বুলি লোৰেন বিলুঙক সাৱটি ধৰে ৷ মদৰ ৰাগীত মাতাল হৈ থকা লোৰেনে ক্ষুন্ন হৈ লগত থকা চোকা অস্ত্ৰৰে আঘাত কৰে ৰঞ্জিতক ৷ ফলত আঘাত প্ৰাপ্ত হৈ লোৰেনৰ ঘৰৰ বাৰাণ্ডাতে বাগৰি পৰাৰ লগতে ৰঞ্জিতৰ অধিক ৰক্তক্ষৰণ হৈ মৃত্যুক সাৱটি লয় ৷
মঙলবাৰে পুৱা গাঁওবুঢ়াই নিকাছী আৰক্ষীক খবৰ দিয়াত দণ্ডাধীশ সহ-আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ ইপিনে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰস্থীত ডা: ৰবি বড়ো অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে, সম্প্ৰতি হত্যাকাৰী লোৰেন বিলুঙ পলাতক হৈ আছে ৷
লগতে পঢ়কঃ নৱমীৰ নিশা ডিমা হাছাওত সংঘটিত হ’ল এটা লোমহৰ্ষক হত্যাকাণ্ড