ETV Bharat / state

মানাহ দাৰাগাঁও ইকো ট্যুৰিজিম চ’ছাইটিৰ জনহিতৈষী পদক্ষেপ - পদক্ষেপ

বাক্সাৰ ভাৰত-ভূটান সীমান্তত মানাহ দাৰাগাঁও ইকো ট্যুৰিজিম চ’ছাইটিৰ জন্ম ৷ মুছলপুৰ সদৰৰ পৰা উত্তৰে নিকাচি হৈ ভাৰত-ভূটান সীমান্তত স্থাপন হৈছে এই স্বেচ্ছাসেৱী সংস্থাটো ৷

baksa manas daragaon eco tourism society
মানাহ দাৰাগাঁও ইকো ট্যুৰিজিম চ’ছাইটি
author img

By

Published : Dec 28, 2020, 8:54 AM IST

Updated : Dec 28, 2020, 12:52 PM IST

বাক্সা,28 ডিচেম্বৰ : বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা অঞ্চলসমূহত গঠন হৈছে বহুকেইটা স্বেচ্ছাসেৱী সংস্থা ৷ ইয়াৰে ভিতৰত মানাহ দাৰাগাঁও ইকো ট্যুৰিজিম চ’ছাইটিটোও অন্যতম ৷

মানাহ দাৰাগাঁও ইকো ট্যুৰিজিম চ’ছাইটি

মুছলপুৰ সদৰৰ পৰা উত্তৰে নিকাচি হৈ ভাৰত-ভূটান সীমান্তত স্থাপন হৈছে এই স্বেচ্ছাসেৱী সংস্থাটো ৷ সংগঠনটোৰ সভাপতি অমৰ জ্যোতি হাজৰিকাই জানিবলৈ দিয়া মতে,স্বেচ্ছাসেৱী সংস্থাটোৱে ৰাইজক জীৱ-জন্তু,গছ-গছনিসমূহ কিয় সংৰক্ষণ কৰিব লাগে,তাৰ ওপৰত সময়ে সময়ে বিশেষ কৰ্মশালাৰ আয়োজন কৰি আহিছে ৷

সংস্থাটোৱে পৰ্যটনৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে,যাতে স্থানীয় লোকসকলে ইয়াৰ পৰা আয় উপাৰ্জন কৰিব পাৰে ৷ পৰ্যটকৰ বাবে থকা-খোৱাৰ সু-ব্যৱস্থা গ্ৰহণ কৰিছে এই সংস্থাটোৱে ৷

মানাহ দাৰাগাঁও ইকো ট্যুৰিজিম চ’ছাইটিয়ে পৰ্যটকসকলক মুকলি আকাশৰ তলত নিশা কটোৱাৰ বাবে টেণ্টৰ ব্যৱস্থা কৰি দিছে ৷ যিসকল পৰ্যটকে নিশা কটাব বিচাৰে,তেওঁলোকে সম্পূৰ্ণ নিৰাপদে টেণ্টৰ তলত থাকিব পাৰিব,কিয়নো সংস্থাটোৰ গাতে লাগি আছে সীমা সুৰক্ষা বলৰ কেম্প ৷

লগতে পঢ়ক : দ্বিতীয় দিনাও অনুষ্ঠিত হ'ল টাইপাৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

Last Updated : Dec 28, 2020, 12:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.