ETV Bharat / state

বিপিএফত যোগদান বাক্সা জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভাৰ - সৰলা দাস

বিটিআৰ নিৰ্বাচনৰ পূৰ্বেই ক্ৰমান্বয়ে বৃদ্ধি পাইছে দল ত্য়াগ, যোগদানৰ ঘটনা । বৃহস্পতিবাৰে বিপিএফ দলত 50 গৰাকী সমৰ্থক সহ যোগদান কৰে বাক্সা জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভাই ।

Baksa District Congress General Secretary Hiteshwar Ravar Join BPF

author img

By

Published : Jun 11, 2020, 6:13 PM IST

বৰমা, 11 জুনঃ অসমত COVID-১৯ ৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই আহিছে যদিও সিমানেই তুংগত উঠিছে বিটিআৰৰ নিৰ্বাচনী কুচ-কাৱাজ ৷ বৃহস্পতিবাৰে বাক্সা জিলাৰ 23 নং দিহিৰা সমষ্টিৰ বিপিএফ দলক সমৰ্থন দি যোগদানৰ বাবে আগবাঢ়ি আহে বাক্সা জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভা

বিপিএফত যোগদান বাক্সা জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভাৰ

হিতেশ্বৰ ৰাভাই 23 নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ৰাজু বড়ালক বিপিএফৰ কাৰ্যালয়ত প্ৰায় অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ পূৰ্ণ সমৰ্থন আগবঢ়ায় বিপিএফ দলত যোগদান কৰে ।

তেওঁ জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ হৈ কাম কৰি দলটোক মজবুত কৰিবলৈ সক্ষম হৈছিল যাৰ বাবে দলৰ হৈ পৰিষদীয় নিৰ্বাচনত টিকট বিচাৰিছিল ৷ কিন্তু দলৰ হাই কামাণ্ডে সৰলা দাস নামৰ ব্যক্তি এজনক টিকট দিয়াত অসন্তুষ্টি প্ৰকাশ কৰি ৰাভাই অৱশেষত বিপিএফ দলত যোগদানৰ বাবে আগবাঢ়ি আহে । তেওঁ জানিবলৈ দিয়া মতে প্ৰায় পোন্ধৰ হাজাৰ ভোট কংগ্ৰেছৰ পৰা বিপিএফ দললৈ আহিব আৰু বিপিএফ অনায়াসে বিজয়ী হ'ব বুলি উল্লেখ কৰিছে ৷

লগতে চাওকঃ কৃত্ৰিম বানৰ কবলত গোলাঘাটৰ হিন্দু স্কুল চাৰিআলিবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.