বাক্সা,৩১ ডিচেম্বৰ : বাক্সাৰ শালবাৰীৰ ৰূপহী বজাৰত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় চাৰিখনকৈ দোকান ৷ বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ব্যৱসায়ী আৰু ৰাইজৰ সহযোগত নিৰ্বাপন কৰা হয় জুই ৷
ইফালে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ঘটনাস্থলীত দুঘণ্টা পলমকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় চাৰি লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয় ৷
আন এক খবৰৰ বাবে: 2020 বৰ্ষৰ ক্ৰীড়াক্ষেত্ৰত অসমৰ সাফল্য