বৰমা, ২৯ ছেপ্টেম্বৰঃ বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত আজিও উত্তাল হৈ পৰিল বাক্সাৰ মুছলপুৰ ৷ মুছলপুৰ জিলা মহিলা বিপিএফ সমিতিৰ উদ্যোগত মঙলবাৰে কেবাসহস্ৰাধিক লোকে উত্তাল কৰি তোলে মুছলপুৰৰ পৰিৱেশ ৷ হাগ্ৰামা মহিলাৰী জিন্দাবাদ ধ্বনিৰে মহিলা বিপিএফ কৰ্মীসকলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবে এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন স্থগিত ৰাখি ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিছিল বিটিএডিত ৷ কিন্তু শেহতীয়াভাৱে পৰিস্থিতি উন্নত হোৱাৰ পিচতো নিৰ্বাচন আয়োগ তথা ৰাজ্য চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নকৰাৰ অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে ৷ সেয়ে ৰাজ্যপালৰ শাসন সমাপ্ত হোৱাৰ পূৰ্বে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বিপিএফ দলে ৷
লগতে পঢ়কঃ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লৈ চিৰাঙত যুৱ বিপিএফ আৰু বিএচইউৰ প্ৰতিবাদ