ETV Bharat / state

বাক্সাৰ বৰনদীপাৰত অবৈধ বালি খনন, চিন্তিত নৈপৰীয়া ৰাইজ - বাক্সাৰ বৰনদীপাৰ

বাক্সাৰ শুৱাগপুৰত অঞ্চলটোৰ মাজেৰে বৈ যোৱা বৰনদীয়ে কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ । দিনে নিশাই অবাধ গতিত চলি থকা বালি খননৰ ফলত বৰনদীয়ে সোঁত সলাইছে । যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

Baksa Barnadi sand mining
বাক্সাৰ বৰনদীপাৰত অবৈধ বালি খনন, চিন্তিত নৈপৰীয়া ৰাইজ
author img

By

Published : May 20, 2020, 4:46 PM IST

বাক্সা,20 মেঃ বাক্সাৰ বৰনদীপাৰত বালিখননৰ বাবে চিন্তিত নৈপৰীয়া কেইবাখনো গাঁৱৰ ৰাইজ । মাটি ভেটি হেৰুৱাৰ ভয়ত শংকিত হৈ পৰিছে বৰনদীপাৰ, পিপলেনী, মুলাবাৰী, ধুমকা, ঝাৰকোনা আৰু সোনাপুৰ গাঁৱৰ লোকসকল ৷

সমান্তৰালকৈয়ে বাক্সাৰ শুৱাগপুৰতো অঞ্চলটোৰ মাজেৰে বৈ যোৱা বৰনদীয়ে কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ । দিনে নিশাই অবাধ গতিত চলি থকা বালি খননৰ ফলত বৰনদীয়ে সোঁত সলাইছে । যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

বাক্সাৰ বৰনদীপাৰত অবৈধ বালি খনন

উল্লেখ্য যে, ৰাইজে বালিখনন ৰোধৰ বাবে বাৰাম্বাৰ চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনাইছে যদিও এই ক্ষেত্ৰত প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ । তদুপৰি দিনে নিশাই অবাধ গতিত চলি থকা ডাম্পাৰসমূহে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও কঢ়িয়াই আনিছে বিপদ । সেয়েহে উপায়ন্তৰ হৈ ৰাইছে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক এইক্ষেত্ৰত অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছে ।

লগতে পঢ়ক- ঔষধি গুণ সম্পন্ন চাহপাত তৈয়াৰ শিৱসাগৰৰ বিজ্ঞানীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.