ETV Bharat / state

জনজাতিকৰণৰ দাবীত সদৌ অসম আদীবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Oct 22, 2020, 1:44 PM IST

জনজাতিকৰণৰ দাবীত মন্ত্ৰী সঞ্জয় কিষাণ আৰু সাংসদ পল্লৱলোচন দাসৰ পুত্তলিকা দাহ আছাৰ ৷ শীঘ্ৰে যদি আদিবাসী সকলক জনজাতিকৰণ নকৰে তেতিয়া হ'লে নিৰ্বাচনৰ সময়ত বৰ্তমানৰ বিজেপি চৰকাৰখনক উৎখাত কৰিব বুলি হুংকাৰ ৷

baksa adibasi student union protest
জনজাতিকৰণৰ দাবীত সদৌ অসম আদীবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বৰমা ২২ অক্টোবৰঃ জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু সাংসদ পল্লৱলোচন দাসৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাৰ সমীপত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে,আদিবাসী সকলক জনজাতিকৰণৰ নামত চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰতাৰণাক লৈ ক্ষোভিত হৈ পৰে ছাত্ৰ সংগঠনটো ।

শীঘ্ৰে যদি আদিবাসী সকলক জনজাতিকৰণ নকৰে তেতিয়া হ'লে নিৰ্বাচনৰ সময়ত বৰ্তমানৰ বিজেপি চৰকাৰখনক উৎখাত কৰিব বুলিও হুংকাৰ দিয়ে ৷ প্ৰতিবাদত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু সাংসদ পল্লৱলোচনৰ দাসৰ প্ৰতিমূৰ্তি দাহ কৰি জনজাতিকৰণ আমাক লাগিবই,সঞ্জয় কিষাণ মুৰ্দাবাদ,পল্লৱলোচন দাস মুৰ্দাবাদ, বিজেপি চৰকাৰ হুচিয়াৰ,আছা জিন্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

লগতে পঢ়ক: অৰুণোদয় আঁচনিৰ বিৰুদ্ধে সৰৱ সন্মিলিত যুৱ বিকাশ অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.