বাক্সা, ২৭ জুলাই : দেশৰ ৭৫ তম স্বাধীনতা দিৱসৰ উপলক্ষে বুধবাৰে বাক্সা জিলাৰ হজুৱাত সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ ২৭ নম্বৰ বেটেলিয়ানৰ ই-কোম্পানীৰ উদ্যোগত এক চাইকেল সমদল কাৰ্যসূচী ৰূপায়ন কৰা হয়(Azadi ka amrit mahotsav celebration in baksa) । কোম্পানীটোৰ বেণ্ড পাৰ্টীৰ দলে ভাৰতৰ জাতীয় সংগীত জন গণ মন অধিনায়ক জয়হে কে ধৰি কেইবাটাও দেশপ্ৰেমমূলক গীত প্ৰদৰ্শন কৰে ৷ অনুষ্ঠানটোত এছএছবিৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই ভাগ লয় ।
এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি এছএছবিৰ ২৭ নম্বৰ বেটেলিয়ানৰ সহকাৰী কামাণ্ডেন্ট বিষয়া ৰহিদ শৰ্মা কয়, "ভাৰতৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ঘৰে ঘৰে ত্ৰিৰংগা আৰু আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । এই উপলক্ষে শিমলা বজাৰ হজুৱাৰ পৰা দাওধাৰা চেকগেটলৈ এক চাইকেল সমদল উলিওৱা হয়’’ ।
তেওঁ লগতে কয়, ‘‘এই কাৰ্যসূচীৰ জড়িয়তে ফিট ইণ্ডিয়াৰ সজাগতা দিবলৈ প্ৰয়াস কৰা হৈছে, যাৰ জৰিয়তে নিজকে শক্তিশালী কৰি দেশক সুৰক্ষিত কৰি ৰাখিব পাৰি । সেয়ে সকলোৱে আজাদী কা অমৃত মহোৎসৱত যোগদান কৰি সকলোকে আগুৱাই নিবলৈ আহ্বান জনাইছোঁ ।"
শিমলা হজুৱাৰ পৰা দাওধাৰা চেকগেটলৈ উলিওৱা এই চাইকেল সমদলত কলাবাৰী ছোৱালী হাইস্কুল, ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাগৰাকী স্থানীয় লোকৰ লগতে শিমলা থানাৰ আৰক্ষী আৰু এছএছবিৰ জোৱানসকলে অংশগ্ৰহণ কৰে(BSF celebrate Azadi ka Amrit Mahotsav) ।
লগতে পঢ়ক : Cattle Preservation Act : 24 ঘণ্টাত কলিয়াবৰত জব্দ ২০৭ টা গৰুসহ ৮ খন বাহন