ETV Bharat / state

মুছলপুৰত অসম শাৰদী মেলা ২০২২ উদ্বোধন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ - State Rural Livelihoods Mission

সম্প্ৰতি বেংকে মহিলা সকলক আত্মনিৰ্ভৰ হোৱাৰ বাবে ঋণ দিবলৈ আগবাঢ়ি আহিছে । অসম শাৰদী মেলাৰ (Assam Shardi Mela at Musalpur) লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জীৱিকা সখীক 'সখী এক্সপ্ৰেছ' আঁচনিৰ অধীনত স্কুটী প্ৰদান কৰা উপলক্ষে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য় কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

Assam Shardi Mela at Musalpur
মুছলপুৰত অসম শাৰদী মেলা ২০২২ উদ্বোধন
author img

By

Published : Sep 29, 2022, 9:28 PM IST

বাক্সা, ২৯ ছেপ্টেম্বৰ: মহিলাৰ সৱলীকৰণ বাদ দি গ্ৰাম্য অৰ্থনীতি কেতিয়াও সম্ভৱ নহয় । জীৱিকা সখী (JIvika Sakhi )সকলৰ গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ণৰ ক্ষেত্ৰত প্ৰধান ভূমিকা আছে । এই মন্তব্য হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ (Minister Urkhao Goura Brahma)। বৃহস্পৰিবাৰে বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বাক্সা জিলাৰ উদ্যোগত অনুষ্ঠিত অসম শাৰদী মেলা ২০২২ উদ্বোধন (Assam Shardi Mela 2022 inaugurated at Bashka) কৰি তেওঁ এইদৰে কয় ।

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, আমাৰ পৰিয়াল, গাঁও আদি সকলোতে উন্নতিৰ বাবে গাঁৱে গাঁৱে লক্ষপতী মহিলা গঢ়ি তুলিব লাগে । এই লক্ষপতী মহিলাৰ দ্বাৰাহে আমাৰ মহিলা সকলৰ লগতে সলোৱে স্বাৱলম্বী হ'ব পাৰে । আত্মসহায়ক গোটৰ মহিলা সদস্যাসকলে ২৩ খন কাপোৰৰ বিপনী খোলাৰ লগতে থলুৱাভাৱে তৈয়াৰ কৰা ভিন্ন খাদ্য সামগ্ৰী এই শাৰদী মেলাত উপলব্ধ হৈছে । উদ্বোধনৰ পিছতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিপনীসমূহ পৰিদৰ্শন কৰে ।

অসম শাৰদী মেলাৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জীৱিকা সখীক 'সখী এক্সপ্ৰেছ' আঁচনিৰ অধীনত স্কুটী প্ৰদান কৰা উপলক্ষে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সম্প্ৰতি বেংকে মহিলা সকলক আত্মনিৰ্ভৰ হোৱাৰ বাবে ঋণ দিবলৈ আগবাঢ়ি আহিছে । ইফালে,ঋণ গ্ৰহণ কৰা মহিলাসকলেও সঠিকভাৱে ঋণ পৰিশোধ কৰাৰ পৰিপ্ৰেক্ষিততে বেংকে ঋণ এই মহিলা সকলকো পুনৰ ঋণ প্ৰদান কৰে ।

মুছলপুৰত অসম শাৰদী মেলা ২০২২ উদ্বোধন

আনহাতে, বৰ্তমানৰ চৰকাৰে মহিলাসকলক সকলো সুবিধা প্ৰদান কৰা বুলি মন্তব্য কৰি তেওঁ আজি যিসকল জীৱিকা সখীয়ে স্কুটী লাভ কৰিব সেইসকলে এই স্কুটী সমুহৰ সদ্ব্যৱহাৰ কৰি নিজৰ লগতে আনৰ দহ জনৰ কাম কৰিবলৈ জীৱিকা সখীৰ প্ৰতি আহ্বান জনায় ।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (State Rural Livelihoods Mission)বাক্সা জিলাৰ প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰে আঁত ধৰা এই অনুষ্ঠানটোত উপস্থিত থাকি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত প্ৰকল্প সঞ্চালক আশ্ৰাফুল আমিনে বাক্সা জিলাৰ মহিলা সকলে বেংকৰ পৰা ঋণ লৈ ইতিমধ্যে ঋণ পৰিশোধ কৰিছে বুলি মন্তব্য কৰে । উক্ত সভাত বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে জীৱিকা সখীসকলে গ্ৰাম্য অঞ্চলৰ বহু কম কৰা বুলি মন্তব্য কৰে । জীৱিকা সখীৰ লগতে কৃষি সখী, পশু সখী সকলে নিজ নিজ কামত দক্ষতা প্ৰদৰ্শন কৰি আহিছে বুলিও তেওঁ কয় ।

এই সভাত কাৰ্যবাহী সদস্যদ্বয় ৰাকেশ ব্ৰহ্ম আৰু ধৰ্ম নাৰায়ণ দাস, এমচিএলএ মন্টু বড়ো, জিলা উপায়ুক্ত মাচণ্ডা মেকডালিন পাৰ্টিন, ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া মনোজ কুমাৰ দলে, ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সভাপতি নিপেন বড়ো, সাধাৰণ সম্পাদক মইনুল হক আদি উপস্থিত থাকে । ইয়াৰ পিছতে অবিভক্ত বাক্সা জিলাৰ ২২৩ গৰাকী জীৱিকা সখীক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আনুষ্ঠানিকভাৱে স্কুটী প্ৰদান কৰে ।

লগতে পঢ়ক:তেজপুৰস্থিত সেনা শিবিৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.