ETV Bharat / state

বাক্সাত কলৰ ভোৰ আৰু ৰচীৰে বিপদ সংকুল যাত্ৰা - অসম নিউজ

ভৰা নৈত মৰণকে শৰণ দি বিপদ সংকুল যাত্ৰা বাক্সাৰ লাচিৰ অঞ্চলবাসীৰ ৷ দলঙৰ অভাৱত বিগত বহু বছৰ ধৰি বিপদ সংকুল যাত্ৰা অঞ্চলবাসীৰ ৷

বাক্সাত কলৰ ভোৰ আৰু ৰচীৰে বিপদ সংকুল যাত্ৰা
author img

By

Published : May 8, 2019, 12:11 PM IST

বাক্সা, 8 মে': ভৰা নৈত মৰণকে শৰণ দি বিপদ সংকুল যাত্ৰা বাক্সাৰ লাচিৰ ৰাইজৰ ৷ গোৰেশ্বৰ সংযোগী পথৰ বৰলীয়া নৈত কলৰ ভোৰৰে লাচিৰ ৰাইজে কৰি আহিছে বিপদ সংকুল যাত্ৰা ৷ ১৯৮৬ চনতে তামুলপুৰ গোৰেশ্বৰ সংযোগী পথৰ দ্বাৰকুছীৰ লাচিৰ বৰলীয়া নৈৰ ওপৰত থকা
কাঠৰ দলং ভাঙি যোৱাৰ ফলত দলং খনে জীয়াটো ভুগাইছে অঞ্চলতোৰ ৰাইজক । যাৰ পৰিণতিত বিগত বহু বছৰ ধৰি বাৰিষা যোৱাৰ পাচত স্থানীয় লোকে বাহৰ দলং নিৰ্মাণ কৰি যাতায়ত কৰি আহিছে । কিন্তু বিগত এসপ্তাহ ধৰি নেৰা-নেপেৰা বৰষুণে দলংখন উতুৱাই নিয়াৰ বাবে এতিয়া ৰাইজৰ একমাত্ৰ ভৰসা স্থল কলৰ ভোৰ আৰু এডাল ৰছী ৷ ছাত্ৰ-ছাত্ৰীকে ধৰি ডেকা বুঢ়া সকলোৱে কলৰ ভোৰৰে নদীৰ ইটো পাৰৰ পৰা সিটোপাৰলৈ যাতায়ত কৰি আহিছে কলৰ ভোৰৰে ।

আনহাতে, বিটিচিৰ আৰু কামৰূপৰ সীমান্তৰ ৰঙিয়া বিধান সভা সমষ্টিৰ আৰু বিটিচিৰ গৈয়বাৰী পৰিষদীয় সমষ্টিত পৰে বাবে ৰাইজে কোন বিধায়কৰ সৈতে দলঙখন সন্দৰ্ভত যোগাযোগ কৰিব তাৰ বাবে অনিচ্ছয়তাত স্থানীয় ৰাইজ ৷

Intro:বাক্সাৰ দ্বাৰকুছী গোৰেশ্বৰ সংযোগী পথৰ বৰলীয়া নৈত কলৰ ভোৰৰে লাচিৰ ৰাইজৰ বিপদত সংকুল যাত্ৰা ।

Body:১৯৮৬ চনতে তামুলপুৰ গোৰেশ্বৰ সংযোগী পথৰ দ্বাৰকুছীৰ লাচিৰ বৰলীয়া নৈৰ ওপৰত থকা
কাঠৰ দলং ভাঙি থকাৰ ফলত দলং খনে জীয়াটো ভগাইছে অঞ্চলতোৰ ৰাইজক । যাৰ পৰিণতিত বিগত বহু বছৰ ধৰি বাৰিষা যোৱাৰ পিছত স্থানীয় লোক সকলে বাহৰ দলং নিৰ্মাণ কৰি যাতায়ত কৰি আহিছে । কিন্তু যোৱা এসপ্তাহ ধৰি নেৰা নেপেৰা বৰষুণে দলংখন উতুৱাই নিয়াৰ বাবে এতিয়া ৰাইজৰ একমাত্ৰ ভৰসা কলৰ ভোৰ আৰু এডাল ৰছীয়ে । কলৰ ভোৰৰে যাত্ৰাৰ দৃশ্য দেখিলে আপোনাৰ বুকু কপি উঠিব কি ছাত্র ছাত্ৰী কি পুৰুষ মহিলা সকলোৱে কলৰ ভোৰৰে নদীটোৰ ইপাৰ সিপাৰ হবলগীয়া হয় । উল্লেখ্য যে উক্ত ঠাইখিনি বিটিচিৰ আৰু কামৰূপৰ সীমান্তৰ ৰঙিয়া বিধান সভা সমষ্টিৰ আৰু বিটিচিৰ গৈয়বাৰী পৰিষদীয় সমষ্টিত পৰে । এতিয়া পৰিৱৰ্তনৰ শ্লো গান লৈ অহা মিত্ৰ জোতৰ চৰকাৰখনে লাচিৰ ৰাইজক যাতায়তৰ এখন পকী দলংৰ বাবে ব্যৱস্থা কৰিবনে । নে এনেদৰে বিপদ সংকুল যাত্ৰাৰে জীৱন অতিবাহিত কৰিব লাগিব বছৰ বছৰলৈ ।

Conclusion:গতিকে ৰাইজে কোন জন বিধায়ক আৰু কোন ই এমৰ সৈতে যোগাযোগ কৰিব সেইয়াও অনিচ্ছয়তাত । যাৰ বাবে এতিয়া প্ৰতি দিনে বিপদ সংকুল যাত্ৰা কৰিব লগীয়া হৈছে । যিকোনো মুহূৰ্ততে যাত্ৰা পথত বিজুতি ঘটনাৰ সম্ভৱনা নুই কৰিব নোৱাৰি ইয়াৰ বাবে দায়ী কোন হব সেইয়া সময়হে কব ।

ভাষ্য : পথচাৰী

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.