ETV Bharat / state

The Police and Drugs: ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা বাক্সা জিলা প্ৰশাসনৰ - The Police and Drugs

শেহতীয়াকৈ বাক্সা জিলা প্ৰশাসনে প্ৰায় 32 কোটি টকাৰ ড্ৰাগছ জব্দ কৰে ৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈৰ উপস্থিতিত জব্দকৃত ড্ৰাগছখিনি জ্বলাই দিয়াৰ লগতে নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী সমূহক চিনাক্তকৰণৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে ৷

baksa administration seized drugs of rupees 32 lacs
প্ৰায় ৩২ লাখ টকা পৰিমাণৰ ড্ৰাগছ জ্বলাই বাক্সা জিলা প্ৰশাসনে
author img

By

Published : Dec 2, 2021, 9:15 PM IST

বাক্সা, 2 ডিচেম্বৰ : সমাজ এখনক চিৰদিনলৈ পংগু কৰি পেলাব পৰা মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে এতিয়া পূৰ্বতকৈ অধিক সৰৱ বৰ্তমানৰ ৰাজ্য চৰকাৰ ৷ এই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে দিনে-নিশাই অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ সঘনাই আৰক্ষীৰ জালত পৰিছে ইটোৰ পিছত সিটোকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷

baksa administration seized drugs of rupees 32 lacs
প্ৰায় ৩২ লাখ টকা পৰিমাণৰ ড্ৰাগছ জ্বলাই বাক্সা জিলা প্ৰশাসনে

শেহতীয়াকৈ বাক্সা জিলাৰ আৰক্ষীয়েও বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰৰ লগতে এই মাৰাত্মক বৰবিহ সৰবৰাহকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে ৷ শেহতীয়াকৈ আৰক্ষীৰ হাতত উদ্ধাৰ হোৱা প্ৰায় 32 লাখ টকাৰ ড্ৰাগছ জ্বলাই দিয়া হয় বাক্সা জিলাৰ বৰবৰী থানাৰ অন্তৰ্গত বগুলামাৰী গাঁৱৰ মৰাপাগলদিয়া নৈৰ পাৰত ৷

বিটিচিৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ড৹ এল আৰ বিষ্ণৈৰ উপস্থিতিত জ্বলাই দিয়া হয় এই ড্ৰাগছ সমুহ ৷ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, জ্বলাই দিয়া ড্ৰাগছ সমূহৰ ভিতৰত 32 কিলোগ্ৰাম গাঞ্জা, 16 গ্ৰাম হেৰইন-ব্ৰাউন চুগাৰ, 333 গ্ৰাম ওপিএম আৰু 2000 টা নিচা জাতীয় টেবলেট আছিল ৷ এই মাৰাত্মক ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী উদ্ধাৰৰ 15 টা ঘটনা তামুলপুৰ থানা, 5 টা শালবাৰী থানা, 2 টা গোৰেশ্বৰ থানা, 2 টা বৰমা থানা আৰু এটা মুছলপুৰ থানাৰ বুলি জানিবলৈ দিয়ে শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে ৷

শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে যে সমগ্ৰ অসমত এতিয়ালৈকে প্ৰায় ছাৰিশ কোটি টকাৰ নিচাজাতীয় ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰশাসন (Assam govt successfully seized drugs of rupees 400 crore) ৷ লগতে উল্লেখ কৰে যে কেৱল অসমৰ যুৱকেই এই ব্যৱসায়ৰ লগত জড়িত নহয় ৷ মণিপুৰ, মিজোৰাম, অৰুণাচল, কলিকতাৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ এটা বৃহৎ নেটৱৰ্ক (drugs big racket including assam manipur mizoram arunachal culcutta)এই নিষিদ্ধ ব্যৱসায়ৰ লগত জড়িত হৈ আছে ৷

লগতে চাওক : Traffic rules violation in guwahati : মহানগৰীৰ ৰাজপথত যান-বাহন আৰক্ষীৰ অভিযান

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.