ETV Bharat / state

বানত বিধ্বস্ত কৃষিভূমি,দিক্ভ্ৰষ্ট কৃষিজীৱি - goreswor

গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত বানে বিধ্বস্ত কৰা অঞ্চল সমূহত পুঠিমাৰী আৰু শুক্লা নৈৰ পানীয়ে ধুই বিধ্বস্ত কৰাৰ পাচত মূৰে কপাঁলে হাত দিব লগীয়া পৰিস্হিতিৰ উদ্ভৱ হৈছে অঞ্চলটোৰ কৃষকৰাইজৰ মাজত ৷

বানত বিধ্বস্ত কৃষিভূমি,দিক্ভ্ৰষ্ট কৃষিজীৱি
author img

By

Published : Jul 28, 2019, 4:05 PM IST

গোৰেশ্বৰ, 28 জুলাইঃ সমগ্ৰ ৰাজ্যতেই এক বিভীষিকাৰ সৃষ্টি কৰাৰ পাছত অসমত এতিয়া বান পৰিস্থিতি কিছু সুস্থিৰ হৈছে ৷ ক্ষান্ত হৈছে বুঢ়া লুইত অৰু উপনদী সমূহ । তথাপিও বানে ধুই নিয়া অঞ্চল সমূহত এতিয়াও শেষ হোৱা নাই বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতিৰ । কেইদিনমান আগলৈকে সেউজীয়া সপোনেৰে ভৰি থকা পথাৰ সমূহত এতিয়া কেৱল বানে দি যোৱা বালিৰ দলিচা । বিধ্বস্ত হ'ল ঠন ধৰি উঠা ধান,কল, জিকা, ভোল, কোমোৰাৰ খেতি সমূহ । ইয়াৰ পৰা ব্যতিক্ৰম নহয় বাক্সা জিলাৰ তামোলপুৰৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত বানে বিধ্বস্ত কৰা অঞ্চল সমূহো । ৰাজহচক্ৰটোৰ অন্তৰ্গত কেইবাখনো গাওঁ পুঠিমাৰী আৰু শুক্লা নৈৰ পানীয়ে ধুই বিধ্বস্ত কৰাৰ পাচত মূৰে কপাঁলে হাত দিব লগা হৈছে অঞ্চলটোৰ কৃষকৰাইজে। শাওনৰ ৰোৱনিয়ে ভৰি থকা পথাৰ খন এতিয়া কঠিয়াৰ অভাৱে উদং কৰি ৰাখিছে। বালিৰ দ'মৰ মাজত দিক-বিদিক হেৰুৱাই ভৱিষ্যতে পৰিয়ালটো চলোৱাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলটোৰ কৃষিজীৱি লোকসকল। অঞ্চলটোৰ ৰাইজৰ চৰকাৰলৈ অনুৰোধ, ক্ষতি হোৱা কৃষিৰ ক্ষতিপূৰণ আৰু কঠিয়াৰ যোগান ধৰি ভৱিষ্যতৰ বাবে সাজু হ'বলৈ তেওঁলোকক যেন সাহস দিয়ে চৰকাৰে।

Intro:বানপানীয়ে ধোৱা গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত গাও সমূহৰ কৃষকে এতিয়া সংকট ত পৰিছে।Body:তামুলপুৰ,
১৮/৭/১৯,
তামুলপুৰ ৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত বানে বিধস্ত কৰা অঞ্চল সমূহৰ কৃষক ৰাইজে এতিয়া আশংকাত ভোগি মুৰে কপালে হাত দিছে।ৰাজহচক্ৰ টোৰ কেবাখনো গাও পুঠিমাৰী আৰু শুক্ল নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাই কৃষিভূমি সমূহ ৰ বিস্তাৰ ক্ষতি কৰিছে।ৰাজচক্ৰটোৰ চেনিগাও,নিজকোছোলা,বৰপথাৰ,বালাবাৰি কে ধৰি কেবাখনো গাৱৰ কৃষক ৰাইজৰ কৃষিভূমি ৰ ধানখেতি,কল খেতি ,পাচলি খেতি লাও, জিকা,ভোল,কোমোৰা আদিৰ বিস্তাৰ ক্ষতি হৈছে।ঠায়ে ঠায়ে বহু কৃষিভূমি বালিয়ে পুতি পেলাই ছে।বানত নিজৰ খেতি হেৰুৱাই এতিয়া ভৱিষ্যত পৰিয়াল টো চলোৱাৰ বাবে পোহ পাল দিয়াৰ বাবে চিন্তিত হৈ পৰিছে কৃষক সকল। কৃষকসকলৰ শাওনৰ ৰোৱনী য়ে ভৰি থকা পথাৰ খন এতিয়া কঠিয়াৰ অভাবে উদং কৰি ৰাখিছে।
সেয়েহে কৃষক ৰাইজৰ চৰকাৰলৈ অনুৰোধ যিকোনো মূলৰ বিনিময়ত ক্ষতি হোৱা কৃষিৰ ক্ষতি পুৰণ আৰু কঠিয়াৰ যোগান ধৰি কৃষক ৰাইজক উপকৃত কৰাৰ বাবে।

তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.