বাক্সা,6 ফেব্ৰুৱাৰী: গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়,অসম বিজ্ঞান সমিতিৰ উদ্যোগত আৰু মেৰকুছি হাইস্কুলৰ সহযোগত কৃষকৰ আয় দুগুণ কৰাৰ উদ্দেশ্যে বাক্সা জিলাৰ মেৰকুছিত শুকুৰবাৰে অনুষ্ঠিত হয় এখন জাগৃতি সভা ৷ এই জাগৃতি সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে । সভাত অংশগ্রহণ কৰি ড° বিদ্যুত চন্দন ডেকাই সংবাদ মাধ্যমক কয় যে, "সম্প্ৰতি কৃষি আইন বাতিল কৰাৰ দাবীত চলি থকা কৃষক আন্দোলন ৰাজনৈতিকভাৱে পৰিচালিত হৈছে ৷
কৃষি বিলকেইখনত সন্নিবিষ্ট দফা সমুহে কৃষক সকলক ক্ষতি কৰাৰ বিপৰীতে উৎসাহিতহে কৰিব ৷ মধ্যভোগী সকলৰ লোকচান হোৱাৰ বাবেহে এই কৃষক আন্দোলনৰ সূত্ৰপাত হৈছে বুলি মন্তব্য কৰে ৷ বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশৰ মধ্যভোগী সকলে পূৰ্ৱে যিটো লাভ পাবলৈ সক্ষম হৈছিল, এতিয়া কেন্দ্ৰীয় চৰকাৰে কৃষি বিল তিনিখন প্ৰনয়ন কৰাত তেওঁলোকৰ লাভ কমি যোৱাৰ বাবে মধ্যভোগীসকলেহে এই আন্দোলন আৰম্ভ কৰিছে ৷" প্ৰকৃত কৃষকসকলক এই বিল কেইখনে লাভান্বিত কৰাৰ লগতে মধ্যভোগীসকল লোকচানৰ সম্মুখীন হ'ব বুলি উল্লেখ কৰাৰ লগতে "কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা বিল কেইখনে অসম তথা উত্তৰপূৰ্বাঞ্চলৰ কৃষকসকললৈ সুদিন কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ৷
"ৰাজ্যখনৰ প্ৰতিখন গাঁৱতে কৃষি বিপ্লৱ সূচনা কৰি ৰাজ্যৰ অৰ্থনীতি সূদৃঢ় কৰিবলৈ কৃষক সকলক আহ্বান জনাই ড৹ বিদ্যুত চন্দন ডেকাই ৷ পশুপালনৰ উপৰিও উদ্যান শস্যৰ ওপৰত অধিক গুৰুত্ব দি পূৰ্ৱৰ তুলনাত ৰাজ্য চৰকাৰে কৃষিখণ্ডৰ উন্নয়নৰ বাবে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিব বুলিও সদৰি কৰে ৷ সভাত পদ্মশ্ৰী বঁটাপ্ৰাপক তথা পশু চিকিৎসক কুশল শৰ্মা, পশু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ড৹ বিকেকানন্দ শইকীয়া, পশু জনসংযোগ বিষয়া ড৹ দন্দেশ্বৰ ডেকা, অসম বিজ্ঞান সমিতিৰ কাৰ্যকৰী সভাপতি ড° ধীৰেশ্বৰ কলিতা, সম্পাদক দীপক কুমাৰ শৰ্মা, শিক্ষা সম্প্ৰসাৰণ বিভাগৰ সহযোগী সঞ্চালক ড° অতুল বুঢ়াগোহাঁই উপস্থিত থাকি কৃষকসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷
লগতে পঢ়ক-ৰাজ্যৰ বান ব্যৱস্থাপনাৰ বাবে 1286.39 কোটি আৱন্টন একাদশ বিত্তীয় আয়োগৰ