বাক্সা,22 জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লতিবাৰী-বালিশীহা সংযোগী পথৰ দুৰৱস্থা ৷ শেহতীয়াকৈ বৰলীয়া নদীৰ ওপৰত থকা এখন দলং,নদীৰ বাঢ়নী পানীয়ে ভাঙি নিয়াত একপ্ৰকাৰ ব্যাহত হৈ পৰিছে অঞ্চলটোৰ যাতায়ত ৷ যাতায়তৰ বিকল্প ব্যৱস্থা নথকাত দলঙৰ চিঙি যোৱা অংশত বাঁহ পাৰি অতি বিপজ্জনক ভাৱে যোগাযোগ অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে ৷
উল্লেখ্য যে,বৰলীয়া নদীৰ ওপৰত ২০১২ চনতে অপৰিকল্পিতভাৱে এখন দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও অসম্পূৰ্ণ অৱস্থাত আছিল দলংখন ৷ পৰৱৰ্তী সময়ত ৰাইজে গাঁঠিৰ ধন ভাঙি কংক্ৰীটৰ ওপৰত বাঁহৰ দলং সাজি অব্যাহত ৰাখিছিল যাতায়ত ৷ কিন্তু বাৰিষাৰ নদীৰ ঢলে তামোলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ চলাই উটুৱাই লৈ যায় বাট-পথ তথা দলং ৷ বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত শীঘ্ৰেই গুৰুত্ব প্ৰদানৰ দাবী জনাইছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ বটদ্ৰৱাত মাহী মাকৰ দাৰ ঘাপত আহত পুত্ৰ