হোজাই,23 মেঃ হোজাই জিলা লংকাৰ নখুটিত অস্ত্ৰসহ আটক দুই যুৱক আৰক্ষীৰ ৷ ধৃত যুৱক কেইজনৰ নাম বিল্লাল উদ্দিন আৰু জুলফিকৰ আলী বুলি চিনাক্ত আৰক্ষীৰ ৷
হোজাই জিলা লংকাৰ নখুটিত অস্ত্ৰসহ আটক হয় দুই যুৱক । লংকাৰ নখুটি গাঁওৰক্ষী বাহিনীয়ে নিশা পহৰা দিয়া সময়ত আটক কৰি চমজাই দিয়ে নখুটি আৰক্ষীক । যুৱক দুজনৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰে নখুটি আৰক্ষীয়ে । ধৃত যুৱক দুজনৰ নাম ক্ৰমে বিল্লাল উদ্দিন ঘৰ নখুটিৰ ১নং খ্ৰী খ্ৰীত আৰু আনজনৰ নাম জুলফিকৰ আলীৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা গৈছে। ইতিমধ্যে ধৃত যুৱক দুজনক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক- বেঁকী নৈৰ বাঢ়নী পানীত জলমগ্ন কলগাছিয়া