ETV Bharat / state

বৰমাৰ এম্পায়াৰ একাডেমীৰ বাৰ্ষিক অধিবেশন সম্পন্ন - অভিযন্তা

বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমা এম্পায়াৰ একাডেমীৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয় ৷ সভাত একাডেমীখনৰ প্ৰাচীৰ পত্ৰিকা "আগান দা ষ্টেপ" উন্মোচন কৰা হয় ৷ এই অনুষ্ঠানত মখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আই আই টি মুম্বাইৰ এৰোষ্পেচ অভিযন্তা অৰিন্দম বৰুৱাই ৷

Annual session of Empire Academy in Barma
বৰমাৰ এম্পায়াৰ একাডেমীৰ বাৰ্ষিক অধিবেশন সম্পন্ন
author img

By

Published : Feb 11, 2021, 10:23 PM IST

বাক্সা,১১ফেব্ৰুৱাৰী: ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াত প্ৰথমতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱিকাই গুৰুত্ব দিব লাগে । সকলো ছাত্ৰ-ছাত্ৰীৰে এটা সপোন থাকিব লাগে আৰু সেই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ হ'লে চেষ্টা কৰিব লাগিব ৷ বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমা এম্পায়াৰ একাডেমীৰ বাৰ্ষিক অধিবেশনৰ মুকলি সভা উদ্বোধন কৰি এই কথা ব্যক্ত কৰে NIT,দূৰ্গাপুৰ,কো-ফাউণ্ডাৰ এট আৰ্টছ্ লাৰ্ণিং পিভিটিৰ হিমাংশু বৰুৱাই । সভাত আই আই টি মুম্বাইৰ এৰোষ্পেচ অভিযন্তা অৰিন্দম বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

তদুপৰি সভাত ছাত্ৰ-ছাত্ৰী সকলে এটা ভাল কেৰিয়াৰ লৈ নিজকে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে বুলি মন্তব্য কৰে অভিযন্তা অৰিন্দম বৰুৱাই ৷ ইপিনে সভাত অংশগ্ৰহণ কৰে কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক ড0 জাহানিন মোছাহাৰী, বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰীয়ে ৷ আনহাতে মুকলি সভাৰ মাজতে একাডেমীখনৰ প্ৰাচীৰ পত্ৰিকা "আগান দা ষ্টেপ" উন্মোচন কৰা হয় ৷ ইয়াৰ উপৰি একাডেমী খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰজনী বৰজৌৱাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়াই একাডেমী খনৰ প্ৰধান অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰিয়ে । তদুপৰি সভাৰ শেষত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে অঁনাতাৰ শিল্পী ৰুমি কছাৰীয়ে ।

লগতে পঢ়কঃ নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.