ETV Bharat / state

তামুলপুৰত অন্তৰ্ধান খাদ্য সুৰক্ষাৰ চাউল ভৰ্তি 4 খন ট্ৰাক - ভাৰতীয় খাদ্য নিগম

তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰা সমবায় সমিতিৰ চাউল হৰলুকি হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি (Tense situation at Tamulpur)৷ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ আশ্বাস তামুলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কোকিলা গগৈৰ ৷

Allegation of food security rice missing
দৰিদ্ৰৰ নামত আৱণ্টিত খাদ্য সুৰক্ষাৰ চাউল হৰলুকিৰ অভিযোগ
author img

By

Published : Jun 5, 2022, 6:32 PM IST

তামুলপুৰ, 5 জুন : দুৰ্নীতি তথা অনিয়মৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নী প্ৰদান কৰিছিল যে, যিয়ে দৰিদ্ৰৰ নামত আৱণ্টিত খাদ্য সুৰক্ষাৰ চাউল হৰলুকি কৰিছে, সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই হুংকাৰৰ পাচতো গা লৰা নাই ৰাজ্যৰ একাংশ দুৰ্নীতিগ্ৰস্ত লোকৰ ।

এইবাৰ চাউল হৰলুকি হোৱাৰ ঘটনা পোহৰলৈ আহিছে তামুলপুৰত (Allegation of food security rice missing) ৷ তথ্য অনুসৰি, নৱগঠিত তামুলপুৰ জিলাৰ মহৰিপাৰা সমবায় সমিতি লিমিটেডৰ নামত ভাৰতীয় খাদ্য নিগমৰ পৰা অহা খাদ্য সুৰক্ষা যোজনাৰ 8 খন চাউল ভৰ্তি ট্ৰাক 31 মে’ৰ দিনা মহৰিপাৰালৈ ৰাওনা হয় । 3 জুনৰ নিশা ইয়াৰে 4 খন ট্ৰাক সমবায় সমিতিৰ গুদাম আহি পায় ৷

তামুলপুৰত অন্তৰ্ধান খাদ্য সুৰক্ষাৰ চাউল ভৰ্তি 4 খন ট্ৰাক

কিন্তু বৰ্তমানেও সন্ধান নাই আন 4 খন চাউল ভৰ্তি ট্ৰাকৰ । এতিয়া প্ৰশ্ন হয়, ক’লৈ গ’ল ট্ৰাকসহ চাউলখিনি । স্থানীয় লোকৰ সন্দেহ ইয়াৰ লগত চৰকাৰী বিষয়া জড়িত আছে । যাৰ বাবে সহজে চৰকাৰী চাউল হৰলুকি কৰিব পাৰিছে একাংশ দুৰ্নীতি পৰায়ণ লোকে ৷

লগতে পঢ়ক : এমুঠি অন্নৰ বাবে হাহাকাৰ ডিমা হাচাওবাসীৰ

আনহাতে, অঞ্চলটোৰ ৰাইজে শনিবাৰে মহৰিপাৰাৰ পৰা আহি পোৱা চাউলৰ ট্ৰাক 4 খন গোৰেশ্বৰ আৰক্ষী থানাত চমজাই দি অন্তৰ্ধান হোৱা চাউল ভৰ্তি আন 4 খন ট্ৰাকৰ সন্ধানৰ দাবী জনায় । অঞ্চলটোৰ ৰাইজে অভিযোগ কৰা অনুসৰি, ইয়াৰ পূৰ্বৰ মাহতো 8 খনকৈ চাউল ভৰ্তি ট্ৰাক মহৰিপাৰা আহি নাপালে গন্তব্য স্থান । এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ এতিয়া জিলা প্ৰশাসনক অঞ্চলটোৰ ৰাইজে দাবী জনাইছে ৷

ইফালে এই ঘটনাৰ তদন্ত কৰিবলৈ শনিবাৰে নৱগঠিত তামুলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কোকিলা গগৈ মহৰিপাৰাত উপস্থিত হয় ৷ দুই-তিনি দিনৰ ভিতৰত এই সন্দৰ্ভত তদন্ত সমাপ্ত কৰি দোষিক কঠোৰ শাস্তি প্ৰদান কৰিব স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে তামুলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৷

আনহাতে, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তামুলপুৰ জিলাৰ অধীক্ষক নিৰঞ্জন কলিতাই সংবাদ মাধ্যমৰ পৰা কিছু দায় সৰা মন্তব্য প্ৰদান কৰি তদন্তত সকলো ওলাই পৰিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত পুখুৰীৰ নামতো দুৰ্নীতি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.