ETV Bharat / state

ছয় জনগোষ্ঠীক জনজাতিকৰণক সমৰ্থন নকৰে ট্ৰাইবেল সংঘই

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 9:41 PM IST

All Assam Tribal Sangha : ছয় জনগোষ্ঠীৰ জনজাতিকৰণক ট্ৰাইবেল সংঘই সমৰ্থন নকৰে বুলি মন্তব্য সংঘৰ উপদেষ্টা যোগেন নাৰ্জাৰীৰ ৷ ছয় জনগোষ্ঠীক জনজাতিৰ পৰিচয় প্ৰদান কৰিলে ট্ৰাইবেল সংঘৰ বিৰোধীতা থাকিব বুলি মন্তব্য কৰে তেওঁ ৷

All Assam Tribal Sangha
ট্ৰাইবেল সংঘৰ বিৰোধীতা
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধীতা ট্ৰাইবেল সংঘৰ

বাক্সা, 27 ডিচেম্বৰ : "ছয় জনগোষ্ঠীক জনজাতিকৰণক কেতিয়াও সমৰ্থন নকৰে ট্ৰাইবেল সংঘই ৷ কোনো এটা জনগোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰাৰ বাবে জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতি সকল সমস্যাত পৰিব ৷" এই মন্তব্য সদৌ অসম ট্ৰাইবেল সংঘৰ উপদেষ্টা যোগেন নাৰ্জাৰীৰ ৷ বুধবাৰে বাক্সা জিলাৰ কাৰেমুৰাত সদৌ অসম ট্ৰাইবেল সংঘৰ অষ্টাদশ অভিৱৰ্তনত অংশগ্ৰহণ কৰি সংগঠনটোৰ উপদেষ্টা যোগেন নাৰ্জাৰীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ সমৰ্থন নকৰে বুলি মন্তব্য কৰে ৷

তেওঁ কয় যে, আজিলৈকে তেওঁলোকৰ যিটো জনগেষ্ঠীয় চৰিত্ৰ সেয়া স্বীকাৰ কৰিব পৰা হোৱা নাই ৷ সেয়েহে তেওঁলোকৰ জনজাতিকৰণত ট্ৰাইবেল সংঘৰ সমৰ্থন নাই বুলি কয় তেওঁ ৷ যদিহে চৰকাৰে কোনো স্বাৰ্থ জৰিত কাৰণত তেওঁলোকক স্বীকাৰ কৰে তেন্তে বৰ্তমানৰ সকলো জনজাতি নিচিহ্ন হৈ যাব বুলি উল্লেখ কৰে তেওঁ ৷ গতিকে এই শংকা থকাৰ বাবে, ছয় জনগোষ্ঠীক জনজাতিৰ পৰিচয় প্ৰদান কৰিলে ট্ৰাইবেল সংঘৰ বিৰোধিতা থাকিব বুলি মন্তব্য কৰে যোগেন নাৰ্জাৰীয়ে ৷

আনহাতে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ‌ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নাৰ্জাৰীয়ে কয় যে, বৃটিছৰ শাসনৰ চাহ বাগিচা কৰাৰ সময়ত তেওঁলোক বেছিকৈ অসমলৈ অহা বুলি বুৰঞ্জীয়ে কয় ৷ এই লোক সকলক জনজাতিকৰণ কৰিলে‌ আন আন জনজাতি সকলৰ সমস্যাৰ‌ সৃষ্টি হ'ব বুলি মন্তব্য কৰি এইক্ষেত্ৰত চৰকাৰৰো চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি কয় তেওঁ ৷ বুধবাৰে অনুষ্ঠিত হোৱা অভিৱৰ্তনত বাক্সা জিলা ট্ৰাইবেল সংঘৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷

যদিহে চৰকাৰে তেওঁলোকক জনজাতিকৰণৰ বাবে বিবেচনা কৰে তেন্তে ট্ৰাইবেল সংঘক সংযোগ কৰি, বৰ্তমানৰ জনজাতি সকলৰ বাবে কি বিপদ হ’ব পাৰে, কি সুবিধা হ’ব পাৰে ইত্যাদি আলোচনাৰ বাবে চৰকাৰক দাবী জনায় সদৌ অসম ট্ৰাইবেল সংঘৰ উপদেষ্টা যোগেন নাৰ্জাৰীয়ে ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ পূৰ্বে সমস্যা সমাধানৰ দাবী বড়ো কছাৰী পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.