ETV Bharat / state

প্ৰেম তামাঙক ক'লা পতাকা প্ৰদৰ্শন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ - প্ৰেম তামাঙক ক'লা পতাকা প্ৰদৰ্শন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ

শুকুৰবাৰে ২৩নং দিহিৰা সমষ্টিত গোৰ্খা প্ৰাৰ্থিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা সময়তেই প্ৰেম তামাঙক ক’লা পতাকা দেখুৱায় গোৰ্খা ছাত্ৰ সন্থাৰ সদস্যসকলে ৷ তামাঙৰ বাহন আগচি ধৰি মুৰ্দাবাদ ধ্বনি দিয়ে সংগঠনটোৰ সদস্যসকলে ৷

As_baksa_gorkha_student_union_img_as10029
প্ৰেম তামাঙক ক'লা পতাকা প্ৰদৰ্শন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ
author img

By

Published : Nov 21, 2020, 8:58 PM IST

বৰমা,21 নৱেম্বৰঃ এজন বিশেষ ব্যক্তি ৷ এটা জনগোষ্ঠীৰ অধিকাৰৰ দাবীত তেওঁৰ নেতৃত্বত চলিছিল বহু সংগ্ৰাম ৷ ব্যক্তিজনৰ কথাই জনগোষ্ঠীটোৰ বাবে আছিল শিলৰ ৰেখা ৷ নেতৃত্ব দিছিল এটা ছাত্ৰ সংগঠনক ৷ কিছুদিন আগলৈ সংগঠনৰ সদস্যসকলৰ বাবে আছিল তেখেতে আঁতধৰোটা ৷ কিন্তু নেতৃত্ব ত্যাগৰ পিছতে ছাত্ৰ সংগঠনটোৰ বাবে তেওঁ হৈ পৰিল চকুৰ কূটা দাঁতৰ শাল ৷ নিজে গঠন কৰা ছাত্ৰ সংগঠনৰ সদস্যৰ প্ৰতিবাদৰো সন্মুখীনো হ’ল তেওঁ ৷ এই নেতাজনেই হৈছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰেম তামাং ৷

As_baksa_gorkha_student_union_img_as10029
প্ৰেম তামাঙক ক'লা পতাকা প্ৰদৰ্শন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ

উল্লেখ্য যে, কিছুদিন পূৰ্বে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি পদ ত্যাগ কৰি প্ৰেম তামাঙে যোগদান কৰিছিল বিজেপিত ৷ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে গঠন কৰা গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয় তামাং ৷ কিন্তু গোৰ্খা ছাত্ৰ সন্থাই বিচৰা নাছিল গোৰ্খা উন্নয়ন পৰিষদ ৷ ছাত্ৰ সংগঠনটোৱে জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে দাবী কৰিছিল গোৰ্খা স্বায়ত্ব শাসিত পৰিষদ ৷ শুকুৰবাৰে ২৩নং দিহিৰা সমষ্টিত গোৰ্খা প্ৰাৰ্থিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা সময়তেই তেখেতক ক’লা পতাকা দেখুৱায় গোৰ্খা ছাত্ৰ সন্থাৰ সদস্যসকলে ৷ তামাঙৰ বাহন আগচি ধৰি মুৰ্দাবাদ ধ্বনি দিয়ে সংগঠনটোৰ সদস্যসকলে ৷

লগতে পঢ়ক-ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.