ETV Bharat / state

অসমৰ মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব অখিল গগৈ: কমল মেধি

author img

By

Published : Mar 1, 2021, 9:27 PM IST

Updated : Mar 1, 2021, 10:10 PM IST

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ ৰাইজৰ দলৰ সম্পাদক কমল কুমাৰ মেধি ৷ অসমৰ মাফিয়া ৰাজনীতিৰ মূল মানুহ হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য মেধিৰ ৷ অসমক নেতিবাচক ৰাজনীতিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰথমে হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব বুলি মন্তব্য কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হৈ অখিল গগৈ কাৰাগাৰৰ পৰা উলাই আহিব বুলি দাবী কৰিছে কমল কুমাৰ মেধিয়ে ৷

akhil gogoi will come out from jail as the chief minister of assam

বাক্সা,1 মাৰ্চ: "অসমৰ মাফিয়া ৰাজনীতিৰ মূল মানুহজনেই হিমন্ত বিশ্ব শৰ্মা ৷ অসমৰ ৰাজনীতিৰ সমগ্ৰ পৰিৱেশ বেয়া কৰাৰ অন্যতম ব্যক্তি গৰাকী হ'ল হিমন্ত বিশ্ব শৰ্মা ৷" এই মন্তব্য ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিৰ ৷ সোমবাৰে বাক্সা জিলাৰ গাৰামদেউত ৰাইজৰ দলৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মেধি সৰৱ হৈ পৰে ৷ শেহতীয়াভাৱে হিন্দু-মুছলমানৰ মাজত বিষাক্ত ৰাজনীতি সৃষ্টি কৰা মানুহজন হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰি মেধিয়ে লগতে এইবুলিও কয় যে, অসমক নেতিবাচক ৰাজনীতিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰথমে হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব ৷

অসমৰ মাফিয়া ৰাজনীতিৰ মূল মানুহ হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য মেধিৰ

বিজেপিয়ে আটাইতকৈ ভয় কৰা মানুহজনেই অখিল গগৈ বুলি দাবী কৰি মেধিয়ে অভিযোগ কৰে যে, অখিল গগৈক ভয় কৰি বিজেপিয়ে তেওঁক কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে ৷ মেধিয়ে মন্তব্য কৰে যে, অখিল গগৈক যিমান দিন কাৰাগাৰত বন্দী কৰি ৰাখিব সিমানেই তেওঁ ৰাইজৰ অন্তৰৰ গভীৰলৈ যাব আৰু এগৰাকী শক্তিশালী নেতাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হৈ কাৰাগাৰৰ পৰা ওলাই আহিব ৷

ৰাইজৰ দলে বিটিআৰৰ কেবাটাও সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াকো মেধিয়ে সমালোচনাৰ লক্ষ্য কৰি লয় ৷ সাংসদ গৰাকীয়ে বিটিএডিৰ ৰাইজক প্ৰতাৰণা কৰিছে বুলি অভিযোগ কৰি সুবিধাবাদী একাংশ লোকে এতিয়া বিজেপিৰ লগত চামিল হৈছে বুলি তেওঁ কটাক্ষ কৰে ৷

জাতি-ধৰ্ম একলগ হৈ একতাৰে আগবাঢ়ি যাবলৈ সকলোকে আহ্বান জনাই মেধিয়ে বিটিএডিত এতিয়া বড়ো-অবড়োৰ ৰাজনীতি নচলে আৰু বড়ো-অবড়ো কৰি বিটিএডিৰ ৰাইজৰ পৰা আস্থা পাব নোৱাৰে বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক: লখিমপুৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

Last Updated : Mar 1, 2021, 10:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.