তামুলপুৰ,2 জুন: বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ আৰু সদৌ অসম কলিতা জাতি ছাত্র সন্থাই অসমৰ বৰ্ষাৰণ্য দিহিং-পাটকাইৰ কয়লাৰ মুক্ত খননৰ বিৰুদ্ধে এক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদস্থলীৰ পৰা সংগঠন দুটাই কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক এই সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰে । কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়বাদী যুৱ ছাত্র সন্থাৰ বাক্সা জিলা সমিতিৰ সম্পাদক ওৱাহেদুৰ ৰহমানকে ধৰি বিভিন্নজন ৷
আনহাতে, সদৌ অসম কলিতা জাতি ছাত্র সন্থাৰ উপ-সভাপতি সমৰজ্যোতি কলিতাই অসমৰ সম্পদসমূহ কেন্দ্ৰীয় চৰকাৰৰ সম্পদ হোৱাৰ বিপৰীতে ৰাজ্যৰ সমস্যাসমূহ কেন্দ্ৰৰ সমস্যা নহয় বুলি আক্ষেপেৰে প্ৰকাশ কৰে । অসমক কেন্দ্ৰই মাহীআইৰ দৃষ্টিৰে চোৱাৰ লগতে বঞ্চনা কৰাৰ মানসিকতা পৰিহাৰ কৰিবলৈ দুয়োটা দলে চৰকাৰক আহ্বান জনায় ।
লগতে চাওকঃ কলিয়াবৰত প্ৰথমজন Covid 19 ত আক্ৰান্ত ৰোগী