ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত চেংগেল অভিযানৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী - আদিবাসী

আদিবাসী চেংগেল অভিযানৰ উদ্যোগত বাক্সাৰ কুমাৰীকাটাত ৩ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী। আদিবাদীসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানকে ধৰি কেইবাটাও দাবীত বিক্ষোভ প্ৰদৰ্শন।

বাক্সাৰ কুমাৰীকাটাত চেংগেল অভিযানৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Oct 15, 2020, 3:10 PM IST

বাক্সা, ১৫ অক্টোবৰ: বাক্সাৰ তামুলপুৰৰ কুমাৰীকাটাত চেংগেল অভিযানৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আদিবাসীসকলে। হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ, নাগাৰা, ঢোল(তামাক) বজাই ৩ ঘন্টা ধৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বাক্সাৰ কুমাৰীকাটাত চেংগেল অভিযানৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী
বাক্সাৰ কুমাৰীকাটাত চেংগেল অভিযানৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী

অসমৰ আদিবাদীসকলক শীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা,আদিবাসীসকলৰ প্ৰকৃতি পূজা সাৰণাক ধৰ্মক চৰকাৰী মৰ্যাদা প্ৰদান কৰাৰ দাবী জনায় প্ৰতিবাদী জনতাই। ঝাৰখণ্ডত অতি শীঘ্ৰেই চাওতালী ভাষাক স্বীকৃতি প্ৰদান কৰা আৰু ঝাৰখণ্ডত স্থানীয় নীতি প্ৰচলন কৰাৰ দাবী জনায়।

চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে কুমাৰীকাটাৰ পৰিৱেশ। শীঘ্ৰে সমস্যা আৰু দাবীসমূহ পূৰণ নকৰিলে পৰৱৰ্তী সময়ত ৰে'লপথ অৱৰোধ কৰাৰো হুংকাৰ দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ এই বিষয়ত স্মাৰক পত্ৰও প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে।

লগতে পঢ়ক:বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষাৰ ফলাফল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.