ETV Bharat / state

ছাত্ৰ ৰাজনীতিৰ পৰা অব্যাহতি প্ৰমোদ বড়োৰ - absu president

নিখিল বড়ো ছাত্র সন্থাৰ বিশেষ অধিবেশনৰ সফল সামৰণি । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ মুকলি সভাত সম্বৰ্ধনা জনোৱা হয় বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰীসকলক । উক্ত সভাতে ছাত্ৰ ৰাজনীতিৰ পৰা অব্যাহতি লয় নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে ৷

বাক্সা
ছাত্ৰ ৰাজনীতিৰ পৰা অব্যাহতি প্ৰমোদ বড়োৰ
author img

By

Published : Feb 13, 2020, 11:16 PM IST

বাক্সা, 13 ফেব্ৰুৱাৰীঃ বুধবাৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশেষ অধিবেশনৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে । এই অধিবেশনতে বুধবাৰে নিশা অনুষ্ঠিত হয় প্ৰতিনিধি সভা। প্ৰতিনিধি সভাতে পৃথক ৰাজ্য দাবী আন্দোলনৰ অন্যতম ছাত্ৰ নেতা তথা নিখিল বড়ো ছাত্ৰ সন্থাক দক্ষতাৰে পৰিচালনা কৰা সভাপতি প্ৰমোদ বড়োৱে সভাপতি পদৰ পৰা তথা ছাত্ৰ ৰাজনীতিৰ পৰা অব্যাহতি লয় ৷ সভাত প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো বৰ্তমানলৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সদৰী কৰা নাই যদিও ৰাইজে বিচাৰিলে এই ক্ষেত্ৰত বিচাৰ বিবেচনা কৰিব বুলি মন্তব্য কৰে ৷

বাক্সা
ছাত্ৰ ৰাজনীতিৰ পৰা অব্যাহতি প্ৰমোদ বড়োৰ

আনহাতে, দিনৰ বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰ সমাহাৰৰে এক সাংস্কৃতিক সমদল উলিয়াই । তাৰ পাচতে এখন মুকলি সভাত বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী সকলক সম্বৰ্ধনা জনোৱা হয়। উক্ত কাৰ্যসূচী উপস্থিত থাকে প্ৰমোদ বড়ো,গোবিন্দ বসুমতাৰী,বি আৰ ফেৰেংঙ্গা, লৰেন্স ইচলাৰী, এম চি এল ৰনগৌৰা নাৰ্জাৰী, ইউ পিপি এল সভাপতি ইউ জি ব্ৰক্ষ, ইউ পি পি এল ( মহিলা গোটৰ ) সভানেত্ৰী প্ৰতিভা ব্ৰহ্মৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া।

তাৰোপৰি নৱ নিৰ্বাচিত এবছু সভাপতি দ্বীপেন বড়োৱে কয় যে,বৰ্তমান সংগঠনটোৰ আন্দোলন কৰিবলগীয়া নাই ৷ তথাপিও বিটিআৰ চুক্তিৰ যি আচনী সেই সমূহ সঠিক ৰূপায়ণ গুৰুত্ব প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷ বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰ সীমামূৰীয়া গাঁওসমূহ কৰ্তন কৰা সুবিধা আছে । যিয়ে বিটিআৰ চুক্তিৰে আমি বিভিন্ন জাতি জনগোষ্ঠী একতাৰে জীয়াই থাকিবলৈ সুবিধা লাভ কৰিছো বুলি কয় নৱ নিৰ্বাচিত এবছু সভাপতি দ্বীপেন বড়োৱে ।

উল্লেখ্য যে, বহস্পতিবাৰে অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ এই বিশেষ অধিৱেশনত বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী ধীৰেন বড়ো,ৰঞ্জন দৈমাৰী,বি চাওৰাগৌৰা উপস্থিত নথকা বিষয়ে ৰাইজৰ মাজত তাৎপৰ্য বহন কৰিছে ।

আৰু পঢ়কঃ বড়ো চুক্তিক লিপষ্টিকৰে তুলনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.