মছলপুৰ, 27 ডিচেম্বৰঃ বিটিএডিত অসমীয়াক সহযোগী ভাষা হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পাছতেই বিটিএডিত তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ ৷ সমান্তৰালকৈ বিটিএডি অধ্যুষিত বিভিন্ন অঞ্চলত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ শুকুৰবাৰে বাক্সাৰ মছলপুৰত অবড়ো সমিতিয়ে "শংখ নিনাদ" নামেৰে এক গণ সমাবেশ অনুস্থিত কৰে ৷ উক্ত সমাবেশত উপস্থিত থাকি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই কয় যে, নাগৰিকত্ব সংশোধনী আইখন আসমৰ ৰাইজে কোনো কাৰণতে মানি নলয় ৷ তেখেতে লগতে কয় যে, বিটিএডি বসবাস কৰা গৰিষ্ঠ সংখ্যক লোকৰ মাতৃভাষা অসমীয়া, গতিকে এইসমূহ অঞ্চলত অসমীয়াক কোনো কাৰণতে সহযোগী ভাষা হিচাপে মানি লোৱা নহয় ৷
আনহাতে, গণ বিক্ষোভৰ মাজতে প্ৰাক্তন আলফা সতীৰ্থ অনুপ চেতীয়াকো অক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ গৰাকীয়ে ৷ অনুপ চেতিয়াক বিপিএফৰ দালাল আখ্যা দিয়ে সাংসদ নৱ শৰণীয়াই ৷ প্ৰাক্তন আলফা তথা শ্বহীদ পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰাদনৰ কথা হাগ্ৰামা মহিলাৰীয়ে বহুবাৰ কৈ থাকে যদিও সেইয়া এই পৰ্যন্ত কাৰ্যকৰী হৈ উঠা নাই ৷ সেয়েহে পৰৱৰ্তী সময়ত সাংসদগৰাকীয়ে নিজেই সেইসকল পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ কথা ব্যক্ত কৰে ৷
লগতে পঢ়ক- মৃত্যু তিথিত ৰাজ্যজুৰি সোঁৱৰণ হস্তীৰ কন্যাক