বাক্সা, নৱেম্বৰঃ বাক্সাৰ তামুলপুৰৰ ঘগ্ৰাচকত সদৌ বিটিচি বাঙালী ফেডাৰেশ্যনৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সদৌ বিটিচিৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বাক্সা জিলাৰ সমিতিৰ উদ্যোগত তামুলপুৰৰ ঘগ্ৰাচকৰ বাকৰিত গ্ৰহণ কৰে ধৰ্মঘট কাৰ্যসূচী । বিগত ২৭ ছেপ্টেম্বৰত কোকৰাঝাৰৰ চেৰফাংগুৰীত অজ্ঞাত দুৰ্বৃত্তই প্ৰদীপ শীল নামৰ লোকজনক অপহৰণ কৰে ৷ কিন্তু আজি পৰ্যন্ত লোকজনৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে আৰক্ষীয়ে ৷ যাৰ বাবে শুকুৰবাৰে ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গানেৰ তামুলপুৰৰ ঘগ্ৰাচকৰ বাকৰি উত্তাল কৰি তোলে।
আৰু পঢ়কঃ-ৰাজ্যজুৰি আছুৰ জোৰ সমদলঃ প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক