ETV Bharat / state

ৰাজপথত জ্বলিল নতুন ভূমি নীতিৰ অধিসূচনাৰ প্ৰতিলিপি - ভূমি নীতিৰ নতুন অধিসূচনা

বৃহস্পতিবাৰে বাক্সাৰ ছাত্ৰ সন্থাই দাহ কৰে অসম চৰকাৰৰ ভূমি নীতিৰ নতুন অধিসূচনাৰ প্ৰতিলিপি ।

Aasu protest at Baksha
ছাত্ৰ সন্থাই দাহ কৰিলে অসম চৰকাৰৰ ভূমি নীতিৰ নতুন অধিসূচনাৰ প্ৰতিলিপি
author img

By

Published : Jul 2, 2020, 6:50 PM IST

বাক্সা ,2 জুলাইঃ বিজেপি চৰকাৰে ৰাজ্য চৰকাৰৰ কেবিনেটত ভূমি নীতি সন্দৰ্ভত নতুন অধিসূচনা জাৰি কৰিছিল যাৰ জৰিয়তে অসমৰ যিকোনো ভূমিত যিকোনো লোকে মাটি ক্ৰয় কৰি হস্তান্তৰ কৰিব পাৰিব । আনহাতে ভূমি নীতি আৰু আইন , নীতিগত, বিধিগত সকলো প্ৰকাৰৰ বাধা অবিহনে বহিৰাগতই মাটি ক্ৰয় বিক্ৰয় আৰু হস্তান্তৰ কৰি উদ্যোগ স্থাপন কৰিব পাৰিব । উদ্যোগ স্থাপনৰ বাবে তিনি বছৰৰ বাবে কোনো অনুমতি, অনুমোদন আৰু অনুজ্ঞা অবিহনে লাখ লাখ খিলঞ্জীয়া কৃষিভূমি অনা-কৃষক আৰু বহিৰাগতৰ হাতত গটাবলৈ লোৱা এই সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰ সন্থাৰ ৷ তামুলপুৰ মহকুমা ছাত্ৰ সন্থা, দক্ষিণ ডেফেলী ছাত্ৰ সন্থা আৰু কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Aasu protest at Baksha
বাক্সাত ছাত্ৰ সন্থাৰ প্ৰতিবাদ
বাক্সাত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

অসমৰ ভূমি নীতিক উলংঘা কৰি খিলঞ্জীয়াৰ কৃষি ভূমি বহিৰাগতলৈ হস্তান্তৰ কৰা সিদ্ধান্তক বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত তামুলপুৰ মহকুমা ছাত্ৰ সন্থা আৰু কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থা, দক্ষিণ ডেফেলী ছাত্ৰ সন্থাই অসম চৰকাৰৰ ভূমি নীতিৰ নতুন অধিসূচনাৰ প্ৰতিলিপি দাহ কৰে ৷

লগতে পঢ়কঃকৰ’ণা আতংকৰ গ্ৰাসত নলবাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.