ETV Bharat / state

বিজেপি চৰকাৰৰ কথা আৰু কামৰ মাজত বিৰাট পাৰ্থক্য : সমুজ্জ্বল ভট্টাচাৰ্য - খিলঞ্জীয়া মানুহ

মুছলপুৰত আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য ৷ বিজেপি চৰকাৰৰ কথা আৰু কামৰ মাজত বিৰাট পাৰ্থক্য বুলি কটাক্ষ কৰাৰ লগতে কোনো কাৰণতে কা মানি লোৱা নহয় বুলিও উল্লেখ কৰে উপদেষ্টা গৰাকীয়ে ৷

Aasu confrence
Aasu confrence
author img

By

Published : Nov 14, 2020, 2:01 PM IST

বাক্সা, 14 নবেম্বৰ : শুকুৰবাৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য মুছলপুৰত উপস্থিত হয় ৷ বাক্সা জিলা ছাত্ৰ সন্থাৰ তৃতীয় বাৰ্ষিক মুছলপুৰ অধিবেশনত অংশ লৈ ড৹ ভট্টাচাৰ্যই সাংবাদিকক কয় যে, অসমৰ খিলঞ্জীয়া মানুহৰ হকে কাম কৰি যোৱাটোৱে মোৰ কাম ৷ দলীয় নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে মই কাম কৰি যাম ৷ আছু আছু হৈয়ে থাকিব ৷ নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিবই লাগিব ৷ এইটো ৰাইজে বিচৰা কথা ৷ বিজেপি চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছিল চব মিছা বুলি মন্তব্য উপদেষ্টা গৰাকীৰ ৷

Aasu confrence
মুছলপুৰত আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য

ইয়াৰ লগতে তেওঁ কয় যে, ‘‘বিদেশী নাগৰিকে টালি টোপোলা বান্ধি যাব লাগিব বুলি কৈ এতিয়া কৈছে টালি টোপোলা বান্ধি আহিব লাগিব ৷ অসম চুক্তিক উলংঘা কৰি কা আমাৰ ওপৰত জাপি দিছে ৷ খিলঞ্জীয়া বিৰোধী, অসম চুক্তিক উলংঘাকাৰী, সাম্প্ৰদায়িক আৰু অসাংবিধানিক আইন এখন আমাৰ ওপৰত জাপি দিছে ৷ এই বিষয় কেতিয়াও মানি লৱ পৰা কথা নহয় ৷ চৰকাৰৰ কথা আৰু কামৰ মাজত বিৰাট পাৰ্থক্য ৷ অসম চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ দিম বুলি উচ্চস্তৰীয় কমিটিয়ে চুক্তি গঠন কৰিছিল ৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল ৷ গৃহ মন্ত্ৰীয়ে প্ৰতিবেদনৰ দীড়ি কমাসহকাৰে কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল ৷ কিন্তু নকৰিলে ৷ ৰক্ষা কৱচ আমাৰ বাবে প্ৰাপ্য’’ ৷

Aasu confrence
বাক্সা জিলা ছাত্ৰ সন্থাৰ তৃতীয় বাৰ্ষিক মুছলপুৰ অধিবেশ

আছুৰ বাক্সা জিলাৰ সভাপতি গোবিন্দ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্মৰণিকা উন্মোচন কৰে বাক্সা জিলা সাহিত্য সভাৰ সভাপতি মাধৱ চন্দ্ৰ কলিতাই ৷ মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ যোগেন চন্দ্ৰ কলিতাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ লয় ৷

লগতে পঢ়ক : বকোত দুৰ্ঘটনাত পতিত বিএছএফৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.