ETV Bharat / state

বাক্সাত আছুৰ বাইক ৰেলী

author img

By

Published : Mar 20, 2021, 8:29 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শনিবাৰে বাক্সাত 'কা' বাতিলৰ দাবীত বাইক ৰেলীৰ আয়োজন কৰা হয় ৷ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত লাখ লাখ হিন্দু বাংলাদেশী বিদেশীৰ বোজা জাপি দিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকাই ৷

'কা' বাতিলৰ দাবীত বাক্সাত আছুৰ বাইক ৰেলী

বাক্সা,20 মাৰ্চ: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন 2019 (CAA) বাতিলৰ দাবীত সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সহযোগত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থা আৰু দ্বাৰকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল বাইক ৰেলী উলিওৱা হয় ৷ অসমীয়া জাতিৰ ভাষা, সংস্কৃতি সকলো নিঃশেষ কৰা নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত লাখ লাখ হিন্দু বাংলাদেশী বিদেশীৰ বোজা জাপি দিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকাই ৷

বাক্সা জিলাৰ আছুৰ সহকাৰী সম্পাদক ডুলুজিৎ দাসে ব্যক্ত কৰে যে, কোনো কাৰণতে এই নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নহ’ব ৷ অসমৰ সকলো ৰাইজক আহ্বান জনাই কয় যে, অসমৰ পৰা বিজেপি দলটোক পুলিয়ে-পোখালিয়ে উভালি পেলাব লাগে ৷ উক্ত কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে জয় আই অসম, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, কা আমি নামানো, বিজেপি গ' বেক, বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে তামুলপুৰৰ ৰাজপথ ৷

লগতে পঢ়ক: অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাষ্ট্ৰীয় কৃষক নেতা ৰমেশ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.