ETV Bharat / state

তাঁতশালৰ ব্যৱসায়েৰে স্বাৱলম্বী বাক্সাৰ সনাতন হালৈ

author img

By

Published : Dec 29, 2020, 8:54 PM IST

পূৰ্বে ঠেলা চলাই জীৱিকা নিৰ্বাহ কৰা সনাতনে পিছলৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে তাঁতশালৰ ব্যৱসায়ৰ সৈতে ৷ সম্প্ৰতি সনাতনে তৈয়াৰ কৰা তাঁতশালসমূহ বিক্ৰী হৈ আহিছে মুছলপুৰ, ডুমুনী, আঠীয়াবাৰী, জালাহ আদি ঠাইত ৷ একোখন তাঁতশাল 6 হাজাৰ টকাত বিক্ৰী কৰা সনাতনে এয়া চৰকাৰে যোগান ধৰা তাঁতশালতকৈ বহুগুণে উন্নত বুলি মন্তব্য কৰে ৷

a man related to small industry story baksa etv bharat news
তাঁতশালৰ ব্যৱসায়েৰে স্বাৱলম্বী

বাক্সা,29 ডিচেম্বৰ: বাক্সা জিলাৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী হৈছে সনাতন হালৈ ৷ কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰা বাক্সাৰ মনকৰ গাঁৱৰ বাসিন্দা সনাতন হালৈ প্ৰতিষ্ঠিত হৈছে তাঁতশাল নিৰ্মাতা হিচাপে ৷ প্ৰায় 35 বছৰ পূৰ্বে তাঁতশাল নিৰ্মাণত মনোনিৱেশ কৰা সনাতনে বৰমাৰ কেইগৰাকীমান তাঁতশাল ব্যৱসায়ীৰ সংস্পৰ্শলৈ আহে ৷ চাহিব আলী, মইনুল আলী আৰু মহাবীৰ জৈন নামৰ তাঁতশালৰ ব্যৱসায়ী কেইগৰাকীয়ে সহায় আগবঢ়োৱা সনাতন হালৈৰ নাই কোনো আনুষ্ঠানিক শিক্ষা ৷ ব্যক্তি কেইগৰাকীৰ সংস্পৰ্শলৈ অহা সনাতনে নিজাববীয়াকৈ আৰম্ভ কৰে তাঁতশালৰ ব্যৱসায় ৷

তাঁতশালৰ ব্যৱসায়েৰে স্বাৱলম্বী

পূৰ্বে ঠেলা চলাই জীৱিকা নিৰ্বাহ কৰা সনাতনে পিছলৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে তাঁতশালৰ ব্যৱসায়ৰ সৈতে ৷ সম্প্ৰতি সনাতনে তৈয়াৰ কৰা তাঁতশালসমূহ বিক্ৰী হৈ আহিছে মুছলপুৰ, ডুমুনী, আঠীয়াবাৰী, জালাহ আদি ঠাইত ৷ একোখন তাঁতশাল 6 হাজাৰ টকাত বিক্ৰী কৰা সনাতনে এয়া চৰকাৰে যোগান ধৰা তাঁতশালতকৈ বহুগুণে উন্নত বুলি মন্তব্য কৰে ৷ বৰ্তমান এই ব্যৱসায়ত সনাতনৰ সৈতে জড়িত হৈ আছে আন তিনিগৰাকী কৰ্মচাৰী আৰু পৰিয়ালৰ লোক ৷

তাঁতশাল বিক্ৰী কৰি মাহেকত প্ৰায় 20 হাজাৰ টকা উপাৰ্জন কৰা সনাতনে আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷ প্ৰায়ে সভা-সমিতিত ৰাজ্যৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ উদ্যোগ অথবা ব্যৱসায় সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা প্ৰকাশ কৰি আহিছে যদিও আজিও চৰকাৰৰ দৃষ্টিত অৱহেলিত হৈ আহিছে সনাতন হালৈৰ দৰে একাংশ ক্ষুদ্ৰ ব্যৱসায়ী ৷

লগতে চাওকঃ গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.