ETV Bharat / state

বিটিচি নিৰ্বাচন : বাক্সাত সাব্যস্ত ৮০ শতাংশ ভোটদান

author img

By

Published : Dec 8, 2020, 12:22 PM IST

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 80 শতাংশ ভোটদান সম্পন্ন হৈছে বাক্সা জিলাত ৷ জিলাখনত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাম-কাজ শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পাদন হয় বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসন কৰ্তৃপক্ষই ৷

বাক্সা
বাক্সা

বৰমা, 8 ডিচেম্বৰ: বাক্সা জিলাত বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 80 শতাংশ ভোটদান সম্পন্ন হৈছে বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে ৷ বাক্সা জিলা মহকুমা ভিত্তিত তিনিখন নিৰ্বাচনী জিলা হিচাপে বিভাজিত ৷ শালবাৰী মহকুমাৰ ২০ নং মথনগুৰি পৰিষদীয় সমষ্টি আৰু ২১ নং শালবাৰী পৰিষদীয় সমষ্টিকে ধৰি শালবাৰী মহকুমাত মুঠ ১৭৩ টা ভোটকেন্দ্ৰত গড়ে ৮১.৭০ শতাংশ ভোটদান সাব্যস্ত হয় ৷

বাক্সাত সাব্যস্ত ৮০ শতাংশ ভোটদান

জিলাখনৰ মুছলপুৰ মহকুমাৰ ২২ নং কোকিলাবাৰী, ২৩ নং দিহিৰা,২৪ নং মুছলপুৰ আৰু ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিকে ধৰি চাৰিটা পৰিষদীয় সমষ্টিৰ মুঠ ৩৭৭ টা ভোটকেন্দ্ৰত গড়ে ৭৯ শতাংশ আৰু তামুলপুৰ মহকুমাৰ ২৬ নং দৰঙাজুলি, ২৭ নং নাগ্ৰীজুলি, ২৮ নং গয়বাৰী, ২৯ নং শুক্লাই চেৰফাং আৰু ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিকে ধৰি পাঁচটা পৰিষদীয় সমষ্টিত মুঠ ৩৮২ টা ভোটকেন্দ্ৰত গড়ে ৭৯.২৬ শতাংশ ভোটদান সাব্যস্ত হয় ৷

নিশা পুলিং বিষয়াসকলে ভোটৰ বাকচ লৈ উভটি অহাৰ পাচত কটকটীয়া নিৰাপত্তাৰ মাজত শালবাৰী মহকুমাৰ বেলট বাকচসমূহ শালবাৰী মহাবিদ্যালয়ত, মুছলপুৰ মহকুমাৰ বেলট বাকচসমূহ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু তামুলপুৰ মহকুমাৰ বেলট বাকচসমূহ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত ষ্ট্ৰং ৰুমত ৰখা হয় ৷ বাক্সা জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাম-কাজ শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পাদন হয় ৷

লগতে পঢ়ক: লেঙেৰীজান চাহ বাগানত নিৰ্মীয়মান আৱাসিক কলনী পৰিদৰ্শন জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.