নিউজ ডেস্ক,15 আগষ্ট: দেশবাসীৰ বাবে শনিবাৰৰ দিনটো আনন্দৰ দিন ৷ কিয়নো শনিবাৰৰ দিনটোত দেশবাসীয়ে পালন কৰিলে 74 সংখ্যক স্বাধীনতা দিৱস ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় স্বাধীনতা দিৱস ৷ অতি অনুষ্টুপীয়া কাৰ্যসূচীৰে তামুলপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত দিৱসটি পালন কৰা হয় তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে তামুলপুৰ মহকুমাৰ মহকুমাধিপতি সুৰজিত বাগলাৰীয়ে ৷ উক্ত কাৰ্যসূচীৰ জৰিয়তে চিকিৎসক সকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷
![74 th indipendence day celebration baksa nagaon hojai assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8428188_ima.jpg)
কলিয়াবৰ: চৰকাৰী বাধ্য-বাধকতাৰ মাজেৰে স্বাধীনতা দিৱস পালন কৰে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷ কুঁৱৰীটোল গান্ধী খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ মাৰ্চপাষ্টত অংশগ্ৰহণ কৰে অসম আৰক্ষীৰ জোৱানসকলে ৷ সামৰিক বাহিনীৰ পৰা এই অভিবাদন গ্ৰহণ কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতুপন নেওগে ৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ হেৰুওৱা শ্বহীদসকলক স্মৰণ কৰে নেওগে ৷ লগতে ৰাইজৰ আগত চৰকাৰী আঁচনিৰ জৰিয়তে সম্পন্ন হোৱা কলিয়াবৰ মহকুমাৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে মহকুমাধিপতি গৰাকীয়ে ৷ লগতে মহকুমাটোৰ কোভিড 19 ত বিজয়ী লোকসকলক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায় মহকুমা প্ৰশাসনে ৷ ইয়াৰোপৰি কলিয়াবৰ মহকুমা চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, মুক্তি যুঁজাৰু স্মৃতি উদ্যান, হাটবৰৰ মুলা গাভৰুৰ প্ৰতিমূৰ্তি তথা জখলাবন্ধাত অৱস্থিত স্বাধীনতা আন্দোলনৰ প্ৰথম অসমীয়া মহিলা মুক্তি যুঁজাৰু গুণেশ্বৰী দেৱীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই মহকুমা প্ৰশাসনে ৷
![74 th indipendence day celebration baksa nagaon hojai assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8428188_kal.jpg)
হোজাই: হোজাই জিলাত এইবেলি অনাড়ম্বৰভাৱে উদযাপন কৰা হৈছে 74 সংখ্যক স্বাধীনতা দিৱস ৷ সেই উপলক্ষে শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত পালন কৰা হয় এই দিৱস ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী চুম ৰংহাং, হোজাইৰ বিধায়ক শিলাদিত্য দেৱ আদি ৷
![74 th indipendence day celebration baksa nagaon hojai assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8428188_hojai.jpg)