বাক্সা, 25 জুলাইঃ তামুলপুৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাৰ নেতৃত্বত অভিযান চলাই উৎখাত কৰিবলৈ সক্ষম হয় এক বৃহৎ বাইক চোৰ চক্ৰ ৷ অভিযানকাৰী দলটোৱে তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা 5 খন চুৰি বাইক আৰু 4 খন স্কুটী সহ মুঠ সাত জন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে জব্দ কৰিবলৈ সক্ষম হয় চুৰি কাৰ্যত ব্যৱহৃত এখন মেজিক (AS 25 CC 5392) বাহন৷ চুৰি কাৰ্যত জড়িত চোৰ কেইজন ক্ৰমে হৈছে মনোজ কুমাৰ দাস, মেৰাজুল হুছেইন, আকাশ কলিতা, জয় কুমাৰ নমঃ শৰ্মা, দ্বীপ শৰণীয়া, মানৱ দাস আৰু প্ৰদীপ স্বৰ্গীয়াৰী । ইতিমধ্যে বৃহস্পতিবাৰে আটকাধীন চোৰ কেইজনৰ বিৰুদ্ধে তামুলপুৰ থানাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা তামুলপুৰ থানাৰ অন্তৰ্গত ভিন্ন প্ৰান্তত মটৰ চাইকেল চুৰি কাৰ্যৰ ঘটনা ক্ৰমশঃ বৃদ্ধি পাই আহিছিল ৷ এক গোপন সূত্ৰৰ পম খেদিয়ে আৰক্ষীয়ে চুৰি মটৰ চাইকেল সহ সাতটাকৈ চোৰক আটক কৰিবলৈ সক্ষম হয় । বৰ্তমানো তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷