ETV Bharat / state

উত্তৰ প্ৰদেশৰ পৰা অসমলৈ প্ৰত্যাৱৰ্তন ২৭ গৰাকী তীৰ্থযাত্ৰীৰ

লকডাউনৰ মাজতেই উত্তৰ প্ৰদেশত যোৱা দুমাহে আৱদ্ধ হৈ থকা ২৭ জন তীৰ্থযাত্ৰীক অৱশেষত সুকলমে প্ৰত্যাৱৰ্তন অসমলৈ । অসমৰ কেবাগৰাকী সাংবাদিক আৰু অসম চৰকাৰৰ পৰিবহন বিভাগৰ আয়ুক্ত আনন্দ প্ৰকাশ তিৱাৰীৰ সহযোগত যোৱা ১০ মে'ত অসমলৈ প্ৰত্যাৱৰ্তন কৰা হয় আৱদ্ধকৃত ২৭ গৰাকী অসমীয়াক ।

27 pilgrims returns to Assam after 2 months stuck in UP
উত্তৰ প্ৰদেশৰ পৰা অসমলৈ প্ৰত্যাৱৰ্তন ২৭ গৰাকী তীৰ্থযাত্ৰীৰ
author img

By

Published : May 18, 2020, 10:19 AM IST

তামুলপুৰ, ১৮ মে': কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখিয়ে দেশত যোৱা ২৪ মাৰ্চৰ মাজ নিশাৰ পৰা কাৰ্যকৰী কৰা হৈছিল লকডাউন । এই লকডাউন ঘোষণা কৰাৰ পাচতেই উত্তৰ প্ৰদেশত আৱদ্ধ হৈ পৰিছিল অসমৰ ২৭ জনীয়া সদস্যৰ এটা দল । তীৰ্থ ভ্ৰমণৰ বাবে গৈছিল এই ২৭ জনীয়া দলটো । অৱশেষত উত্তৰ প্ৰদেশত দুমাহে আৱদ্ধ হৈ থকাৰ পাচত সুকলমে অসমলৈ উপস্থিত হ'বলৈ সক্ষম হয় তীৰ্থযাত্ৰীৰ দলটো ।

27 pilgrims returns to Assam after 2 months stuck in UP
উত্তৰ প্ৰদেশৰ পৰা অসমলৈ প্ৰত্যাৱৰ্তন ২৭ গৰাকী তীৰ্থযাত্ৰীক

এই ২৭ জনীয়া দলটিৰ ভিতৰতে ৬ গৰাকী যাত্ৰী আছিল গোৰেশ্বৰৰ বেটাগাঁৱৰ । জানিব পৰা মতে, গোৰেশ্বৰৰ যাত্ৰী কেইগৰাকী যোৱা ১৫ মে' ত নিজ গৃহত আহি উপস্থিত হৈছে ।

তথ্য অনুসৰি যোৱা ১৫ মাৰ্চত ব্ৰহ্মপুত্ৰ ৰে'ল যোগে কাশী, গয়া ভ্ৰমণ কৰিবলৈ উত্তৰ প্ৰদেশলৈ গৈছিল অসমৰ এই ২৭ জনীয়া তীৰ্থযাত্ৰীৰ দলটো । দলটোৰ তীৰ্থ ভ্ৰমণ সামৰি ২৩ মাৰ্চত অসমলৈ প্ৰত্যাৱৰ্তনৰ টিকট আছিল যদিও দেশত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিততেই ২২ মাৰ্চত টিকট বাতিল কৰা হৈছিল লোক কেইজনৰ । যাৰ বাবে উত্তৰ প্ৰদেশতে আৱদ্ধ হৈ পৰিছিল দলটো ।

আৱদ্ধ হৈ থকা সময়তে দলটোৱে অসমৰ কেবাগৰাকী সাংবাদিকৰে যোগাযোগ কৰি অসম চৰকাৰৰ পৰিবহন বিভাগৰ আয়ুক্ত আনন্দ প্ৰকাশ তিৱাৰীৰ সহায়ত যোৱা ১০ মে'ত অসমৰ কোকৰাঝাৰলৈ ঘূৰি আহি দলটো উপস্থিত হয় । পিচত কোকৰাঝাৰত লোক কেইজনক ৫ দিনৰ কোৱাৰেণ্টাইনত ৰখাৰ পাচত নিজ নিজ গৃহত হোম কোৱাৰেণ্টাইনলৈ যাবলৈ দিয়া হয় বুলি জানিব পৰা যায় ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.