ETV Bharat / state

গোৰেশ্বৰত বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰ

author img

By

Published : Jan 19, 2020, 2:04 PM IST

শনিবাৰে লোকনৃত্যৰ সমাহাৰেৰে সামৰণি পৰিল গোৰেশ্বৰ বড়িগাঁৱৰ অনুষ্ঠিত 24 সংখ্যক ভোগালী উৎসৱৰ ৷ অনুষ্ঠানত উপস্থিত হৈ লোকনৃত্যত অংশগ্ৰহণ কৰিলে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে ৷

24th bhogali bihu celebration at borigaon in baksa
সমন্বয় থলীলৈ পৰিণত হ’ল গোৰেশ্বৰ বড়িগাঁও

বাক্সা , 19 জানুৱাৰীঃ লোকনৃত্যৰ সমাহাৰত সমন্বয় থলীলৈ পৰিণত হ’ল গোৰেশ্বৰ বড়িগাঁও ৷ বাক্সা জিলাৰ বড়িগাঁও ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত 24 সংখ্যক ভোগালী উৎসৱৰ সামৰণি পৰে শনিবাৰে ৷ সামৰণি অনুষ্ঠানৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত প্ৰদৰ্শিত ৰাভা , বড়ো , শৰণীয়া কছাৰী , নেপালী , বিহু , বহুৰঙী আদি লোকনৃত্য-গীতত মুখৰিত হৈ পৰে উৎসৱথলী ৷ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত নৃত্য সমাৰোহৰ উদ্বোধন কৰে বিটিচিৰ পৰিষদীয় সদস্য গণেশ কছাৰীয়ে ৷

লগতে পঢ়কঃদিল্লী বিধানসভা নিৰ্বাচন : কংগ্ৰেছৰ 54 প্ৰাৰ্থীৰ নাম ঘোষণা

Intro:বাক্সাৰ বড়িগাওঁৰ বিহু উদযাপনৰ সামৰণিBody:লোকনৃত্যৰ সমাহাৰত সমন্বয় থলীত পৰিণত হ'ল বাক্সাৰ গোৰেশ্বৰৰ বড়িগাঁও৷ বড়িগাঁও ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত 24 সংখ্যক ভোগালী উৎসৱৰ বাৰেহনীয়া নৃত্যসমাৰোহত. ৰাভা, বড়ো, শৰণীয়া কছাৰী, নেপালী, বিহু, বহুৰঙী আদি লোকনৃত্য-গীতত মুখৰিত হৈ পৰিল বড়িগাঁৱৰ উৎসৱথলী৷ বিভিন্ন লোক নৃত্যৰ চেৱত ককাল ভাঙি নাচিলে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে৷ দুদিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত নৃত্য সমাৰোহ উদ্বোধন কৰে বিটিচিৰ পৰিষদীয় সদস্য গণেশ কছাৰীয়ে৷

Conclusion:মিশ্ৰিত জনগোষ্ঠীৰ আবাসভূমিৰূপে পৰিচিহ্নিত অঞ্চলটোত যাতে শান্তি বিৰাজ কৰে তাৰে কামনাৰে শান্তিৰ প্ৰতীক পাৰ চৰাই আকাশত উৰুৱাই বাক্সা জিলা আৰক্ষী অধিক্ষক ঠুবে প্ৰতীক বিজয় কুমাৰ আৰু সমাজকৰ্মী ৰনেন নাৰ্জাৰীয়ে সন্ধিয়া সাংস্কৃতি অনুষ্ঠাত কেইবাগৰাকী আমন্ত্ৰিত শিল্পীয়ে গীত পৰিৱেশন কৰাৰ পিছতে উৎসৱৰ সামৰণি পৰে৷

ভাষ্য: - নিশিতা গোস্বামী অভিনেত্ৰী

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.